অসম

assam

কন্যাৰ অসবৰ্ণ প্ৰেম বিবাহত অসন্তুষ্ট হৈ পৰিয়ালৰ আত্মহত্যা

কন্যাই অসবৰ্ণ বিবাহৰ পথ বাছি লোৱা বাবে আত্মহত্যা কৰিলে মহাৰাষ্ট্ৰৰ এটা পৰিয়ালে ৷ পৰিয়ালটোৰ পিতৃ-মাতৃ আৰু পুত্ৰই কুঁৱাত জঁপিয়াই আত্মহত্যা কৰে ৷

By

Published : Feb 15, 2020, 7:21 PM IST

Published : Feb 15, 2020, 7:21 PM IST

মহাৰাষ্ট্ৰ
একেটা পৰিয়ালৰে তিনিজনৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী : ভাৰতীয় সমাজত বৰ্তমানেও প্ৰসাৰিত হৈ আছে জাতিগত ভেদভাৱ ৷ মহাৰাষ্ট্ৰৰ গাডছিৰোলী জিলাতো সংঘটিত হৈছে এনে এক ঘটনা ৷ নিজ কন্যাই নিম্ন জাতিৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বাবেই আত্মহত্যাৰ পথ বাছি ল'লে একেটা পৰিয়ালৰ তিনিজন লোকে ৷

নিজ কন্যাই অসবৰ্ণ প্ৰেম বিবাহত আৱদ্ধ হোৱা বাবে আনন্দ নগৰৰ পৰা এক কিলোমিটাৰ দূৰত অৱস্থিত এক কুঁৱাত তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃয়ে জঁপিয়াই আত্মহত্যা কৰে ৷

আনফালে, নৱ বিবাহিত দম্পত্তীয়েও এই কথা জানিব পাৰি ওচৰৰে এখন নৈত জপিয়াই আত্মহত্যাৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাচত চিকিৎসাৰ বাবে দম্পত্তিক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমান দুয়োজন সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, দেওবাৰে মাৰকান্দা গাঁৱৰ এক শিৱ মন্দিৰত দুয়োগৰাকীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ পাচতে সমগ্ৰ ঘটনা সংঘটিত হয় ৷

তথ্য অনুসৰি, মৃত তিনিওজন লোক হৈছে কৃষক হিচাপে জীৱিকা নিৰ্বাহ কৰা ৱাৰগান্টিৱাৰ (52), তেওঁৰ পত্নী বৈশালী (43) আৰু পুত্ৰ ছাইৰাম (19) ৷ আনহাতে, স্নাতকোত্তৰ ডিগ্ৰী কৰি থকা কন্যা প্ৰণালী (24) এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপেও কৰ্মৰত আছিল ৷ বিবাহৰ পূৰ্বে পিতৃ-মাতৃক সৈমান কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নোহোৱাত দুয়োয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

আৰু পঢ়ক :প্ৰনৱ গগৈৰ আদ্যশ্ৰাদ্ধত প্ৰফুল্ল কুমাৰ মহন্ত : সংবাদমেলৰ আয়োজন

ABOUT THE AUTHOR

...view details