অসম

assam

পুণেত দ-খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

By

Published : Nov 25, 2019, 4:07 PM IST

দ-খাৱৈত বাগৰি পৰিল 40-50 জন যাত্ৰীয়ে যাত্ৰা কৰি থকা যাত্ৰীবাহী বাছ ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

পুণে


নিউজ ডেস্ক, 25 নৱেম্বৰঃসোমবাৰে মহাৰাষ্ট্ৰৰ পুণেৰ সমীপৰ কাটৰাজ ঘাটত সংঘটিত হয় বাছ দুৰ্ঘটনা ৷ প্ৰাথমিক তথ্য অনুসৰি পুণেৰ পৰা চাতাৰা অভিমুখী ৰাজ্যিক পৰিবহন বিভাগৰ বাছখন 50 ফুট দ-খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

দ-খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

তথ্য অনুসৰি পুণেৰ পৰা চাতাৰা অভিমুখি বাছ খনে কাটৰাজ সুৰংগ পাৰ হোৱা পাচতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইপিনে 40-50 জন যাত্ৰীয়ে বাছ খনত যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details