অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত সমাপ্ত হোৱাৰ দিশে চৰকাৰ গঠনৰ হাইভল্টেজ ড্ৰামা !

মহাৰাষ্ট্ৰত শিৱসেনাৰ নেতৃত্বত চৰকাৰ গঠনৰ সম্ভাৱনা ৷ ইতিমধ্যে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল ভগত সিঙৰ পৰা 24 ঘন্টাৰ সময় সীমা বিচাৰিলে শিৱসেনাই ৷

By

Published : Nov 11, 2019, 8:22 PM IST

ৰাজ্যপালৰ সৈতে শিৱসেনা নেতা

নিউজ ডেস্ক, 11 নৱেম্বৰঃ ক্ৰমাৎ যেন অন্ত পৰিবলৈ ধৰিছে মহাৰাষ্ট্ৰত চৰকাৰৰ গঠনক লৈ বিভিন্ন দলৰ কুচকাৱাজ ৷ ৰাজ্যখনত শিৱসেনাৰ নেতৃত্বত চৰকাৰ গঠনৰ সম্ভাৱনা ৷ ইতিমধ্যে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল ভগত সিঙৰ পৰা 24 ঘন্টাৰ সময় সীমা বিচাৰিলে শিৱসেনাই ৷ দলটোৰ যুৱ নেতা তথা উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেৰ লগত ৰাজভৱনলৈ গমন কৰে দলটোৰ আন কেইবাজনো শীৰ্ষ নেতাই ৷

ইপিনে, মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত সমৰ্থন প্ৰদানৰ আশ্বাস দিছে কংগ্ৰেছ দলে ৷ সোমবাৰে অনু্ষ্ঠিত হোৱা কংগ্ৰেছ দলৰ কাৰ্যবাহী কমিটিৰ বৈঠকত ইতিমধ্যে বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ লগতে শিৱসেনা প্ৰধান উদ্ভৱ ঠাকৰেৰ সৈতে এক টেলিফোনিক বাৰ্তালাপো হয় কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ ৷ লগতে কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে এন চি পি প্ৰধান শাৰদ পাৱাৰৰ সৈতেও বাৰ্তালাপ কৰে ৷

ৰাজ্যপালৰ সৈতে শিৱসেনা নেতা

লগতে পঢ়কঃ বায়ু প্ৰদূষণৰ পৰা বৰ্তমানেও মুক্ত নহয় দেশৰ ৰাজধানী

উল্লখ্য যে, সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ ৰাজ্যখনত বিজেপিয়ে সৰ্বমুঠ 105 আসন লাভ কৰাৰ বিপৰীতে শিৱসেনাই লাভ কৰিছিল 56 আসন ৷ আনহাতে, এন চি পিয়ে লাভ কৰিছিল 54 আসন আৰু কংগ্ৰেছে লাভ কৰিছিল 44 আসন ৷ প্ৰথমৱস্থাত বিজেপি আৰু শিৱসেনাই চৰকাৰ গঠন কৰাৰ কথা আছিল যদিও দুয়োটা দলৰ মাজতে মুখ্যমন্ত্ৰীৰ পদক লৈ সৃষ্টি হয় মতানৈক্যৰ ৷ ৰাজ্যখনৰ ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি শিৱসেনা, এন চি পি আৰু কংগ্ৰেছে মহাৰাষ্ট্ৰত গঠন কৰাৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details