নিউজ ডেস্ক, 12 নৱেম্বৰঃমঙলবাৰে মহাৰাষ্ট্ৰত বলবৎ কৰা হ'ল ৰাষ্ট্ৰপতি শাসন ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যপালৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পাচতেই ৰাজ্যখনত বলবৎ কৰা হয় ৰাষ্ট্ৰপতি শাসনৰ ৷ বিগত 18 দিনে ৰাজ্যখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল আটাইকেইটা ৰাজনৈতিক দল ৷
প্ৰধানমন্ত্ৰীৰ মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পূৰ্বে মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ৷ কেবিনেট বৈঠকৰ পাচতেই মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ আশংকা ব্যক্ত কৰিছিল একাংশই ৷ ৰাজ্যপাল ভগত সিং ক'ছয়াৰীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰাণলয়ক এখন প্ৰতিবেদনও দাখিল কৰে ৷