নিউজ ডেস্ক , 10 এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা পাচতে দলটোৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি দলটোৰ মিত্ৰ দল শিৱ সেনাৰ ৷ বিজেপিৰ এই ইস্তাহাৰ ‘সংকল্প পত্ৰ’ই সকলো দাবী সাঙুৰি লোৱা বুলি মন্তব্য শিৱ সেনাৰ ৷ দলটোৰ নিৰ্বাচনী ইস্তাহাৰত অনুচ্ছেদ 370ক খাৰিজ কৰা আৰু অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ কথা উল্লেখ কৰাক লৈ মন্তব্য কৰি শিৱ সেনাৰ মুখপাত্ৰ ‘চামনা’য়ে কয় যে, এই ইস্তাহাৰত প্ৰধানমন্ত্ৰী মোডীয়ে দুখীয়া কৃষকসকলক গুৰুত্ব প্ৰদান কৰিছে, যদিও ৰাম মন্দিৰ স্থাপন আৰু অনুচ্ছেদ 370ক খাৰিজ কৰাত বেছি গুৰুত্ব প্ৰদান কৰিছে ৷ অনুচ্ছেদ 370ক খাৰিজ কৰি কেন্দ্ৰীয় চৰকাৰে শ্বহীদ সকলক সন্মান জনাবলৈ উচিত পদক্ষেপ গ্ৰহণ কৰিছে ৷
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি শিৱ সেনাৰ - ৰাম মন্দিৰ
‘সংকল্প পত্ৰ’ ই সকলো দাবী সাঙুৰি লোৱাৰ লগতে অনুচ্ছেদ 370ক খাৰিজ কৰা আৰু অযোধ্যাত ৰাম মন্দিৰ স্থাপনক আদৰণি শিৱ সেনাৰ
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি শিৱ সেনাৰ
যদিহে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি থকা লোকসকলৰ সপোন পূৰ্ণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আগ্ৰহী তেন্তে প্ৰথমে খাৰিজ কৰিব লাগিব 370 অনুচ্ছেদ ৷ এই অনুচ্ছেদ প্ৰযোজ্য হৈ থকাৰ বাবেই অন্যান্য ৰাজ্যৰ দৰে আইন সমূহ প্ৰযোজ্য কৰিব পৰা হোৱা নাই জম্মু-কাশ্মীৰত ৷