অসম

assam

ETV Bharat / bharat

আজি শেষকৃত্য সম্পন্ন হ'ব শীলা দীক্ষিতৰ - শীলা দীক্ষিত

কংগ্ৰছ কাৰ্যালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহক নিগামবোধ ঘাটলৈ লৈ যোৱা হ'ব আৰু দিনৰ 2.30 বজাৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

শীলা দীক্ষিতৰ শেষ কৃত্য

By

Published : Jul 21, 2019, 10:29 AM IST

নিউজ ডেস্ক , 21 জুলাই:আজি দিল্লীৰ নিগামবোধ ঘাটত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ বৰ্তমান কংগ্ৰেছ নেত্ৰীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ নিজামুদ্দিন পূব দিল্লীস্থিত বাসগৃহত ৰখা হৈছে ৷ ইপিনে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উল্লেখ্য যে দিনৰ 11.30 বজাত তেওঁৰ পাৰ্থিৱ শৰীৰ কংগ্ৰেছ কাৰ্যালয়ত লৈ যোৱা হ'ব য'ত কংগ্ৰেছ নেতা আৰু তেওঁৰ গুণমুগ্ধসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ দিনৰ 1.30 বজালৈকে তেওঁৰ নশ্বৰ দেহক কংগ্ৰছ কাৰ্যালয়ত ৰখা হ'ব ৷ ইয়াৰ পাচত কংগ্ৰছ কাৰ্যালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহক নিগামবোধ ঘাটলৈ লৈ যোৱা হ'ব আৰু দিনৰ 2.30 বজাৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

ABOUT THE AUTHOR

...view details