নেশ্যনেল ডেস্ক,23 ডিচেম্বৰ : শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীক বিশেষ চিবিআই আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে পৰিধান কৰিবলৈ আদেশ দিয়া কয়দীৰ পোছাক পৰিধান কৰাত অস্বীকাৰ কৰে ইন্দ্ৰাণীয়ে ৷ আদালতে কয়দীৰ বাবে নিৰ্ধাৰিত এখন সেউজীয়া ৰঙৰ শাৰী পৰিধান কৰাৰ আদেশ দিছিল ইন্দ্ৰাণীক ৷
ইয়াৰ পাচতে বাইকুল্লা কাৰাগাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে আদালতে ৷ ইন্দ্ৰাণীৰ আবেদন অনুসৰি,কাৰাগাৰ কৰ্তৃপক্ষই ইন্দ্ৰাণীক কয়দীৰ পোছাক পৰিধান কৰিবলৈ আদেশ দিছিল,যদিও তেওঁ এগৰাকী বিচাৰৰ অধীনৰ অভিযুক্ত ৷ ইফালে আগন্তুক 5 জানুৱাৰীত ইন্দ্ৰাণীৰ পৰৱৰ্তী আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে ৷