নিউজ ডেস্ক, 27 এপ্ৰিল : জামিন আবেদনত পিটাৰ মুখাৰ্জীয়ে বৰ্ণনা কৰে যে, তেওঁৰ বিৰুদ্ধে যিহেতু চিবিআইৰ ওচৰত কোনো প্ৰমাণ নাই গতিকে আদালতে তেওঁক জামিন প্ৰদান কৰিব লাগে ৷ আনহাতে স্বাস্থ্যজনিত কাৰণ দৰ্শাইও বোম্বে উচ্চ ন্যায়ালয়ৰ ওচৰত জামিন আবেদন দাখিল কৰে পিটাৰ মুখাৰ্জীয়ে ৷
শ্বিনা বৰা হত্যাকাণ্ড: বোম্বে উচ্চ ন্যায়ালত জামিন আবেদন দাখিল পিটাৰ মুখাৰ্জীৰ - পিটাৰ মুখাৰ্জী
বোম্বে উচ্চ ন্যায়ালয়ত জামিন আবেদন শ্বিনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত পিটাৰ মুখাৰ্জীৰ ৷ চিবিআইৰ এক বিশেষ আদালতে পূৰ্বেই জামিন নাকচ কৰিছিল শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীৰ ৷
উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণ দৰ্শাই 4 এপ্ৰিলতো চিবিআইৰ আদালতত জামিন আবেদন দাখিল কৰিছিল পিটাৰ মুখাৰ্জীৰ অধিবক্তাই ৷ কিন্তু চিবিআইৰ বিশেষ আদালতে নাকচ কৰিছিল পিটাৰ মুখাৰ্জীৰ জামিন আবেদন ৷
শ্বিনা বৰা হত্যাকাণ্ডৰ অভিযোগত 2015 চনত গ্ৰেপ্তাৰ হৈছিল আই এন এক্স মিডিয়াৰ স্বত্বাধিকাৰী পিটাৰ মুখাৰ্জী ৷ নিজ পত্নী তথা আই এন এক্সৰ সহ স্বত্বাধিকাৰী ইন্দ্ৰানী মুখাৰ্জীৰ সৈতে লগ লাগি নিজ কন্যা শ্বিনা বৰাক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল পিটাৰ মুখাৰ্জী ৷ বৰ্তমানে মুম্বাইৰ আথুৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে পিটাৰ মুখাৰ্জী ৷ আনহাতে বাইকুল্লা কাৰাগাৰাত বন্দী হৈ আছে শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জী ৷