অসম

assam

ETV Bharat / bharat

কৃষকক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ

কৃষকৰ প্ৰতিবাদৰ পিছতো নিৰৱ হৈ থকা কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, চৰকাৰ জাগ্ৰত হওক আৰু অহংকাৰ এৰি কৃষকসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰক ।

কৃষকক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ
কৃষকক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ

By

Published : Dec 1, 2020, 5:06 PM IST

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে পুনৰ কৃষকৰ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰে । টুইটযোগে তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই যে, চৰকাৰ জাগ্ৰত হওক আৰু প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক প্ৰাপ্য অধিকাৰ প্ৰদান কৰক । বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে দিল্লীৰ সিন্ধু, তিক্ৰী আৰু ঘাজিপুৰ সীমান্তত কেন্দ্ৰই প্ৰণয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । টুইটযোগে ৰাহুল গান্ধীয়ে কয় যে, 'কৃষকসকলে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে সকলো তেওঁলোকৰ ওচৰত ঋণী আৰু এই ঋণ কৃষকক ন্যায় প্ৰদান কৰিহে পৰিশোধ কৰিব পৰা যাব । '

লগতে তেওঁ কয় যে, 'খাদ্য উৎপাদনকাৰীয়ে এতিয়া পথ, খেতিপথাৰত বিক্ষোভ প্ৰদৰ্শন কৰিবলগীয়া হৈছে । কিন্তু টেলিভিছনত চৰকাৰৰ ফালৰ পৰা নেতাৰ ভাষণ অব্যাহত আছে । আমি সকলো কৃষকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ঋণী । এই ঋণ তেওঁলোকৰ অধিকাৰ সমূহ প্ৰদান কৰিহে পৰিশোধ কৰিব পৰা যাব, কৃষকৰ লগত বেয়া ব্যৱহাৰ কৰি, প্ৰহাৰ কৰি, কন্দুৱা গেছ প্ৰয়োগ কৰি নহয় ।'

অহংকাৰৰ আসনৰ পৰা নামি কৃষকক অধিকাৰ প্ৰদানৰ বিষয়ত বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনালে কংগ্ৰেছ নেতাগৰাকীয়ে । উল্লেখ্য যে, মঙলবাৰে কেন্দ্ৰই প্ৰতিবাদকাৰী কৃষক ইউনিয়নক আলোচনাৰ বাবে আমন্ত্ৰিত কৰে । কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে, তেওঁলোকে কৃষি আইনৰ বিষয়ে কৃষকসকলৰ ওচৰত ভুল ব্যাখ্যা দাঙি ধৰিছে আৰু কৃষি আইনৰ লাভালাভৰ প্ৰকৃত অৰ্থ বুজিব নোৱাৰি কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক:মধ্য প্ৰদেশত ৪৮ ঘণ্টাত ৬ নৱজাতকৰ মৃত্যু, তদন্তৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details