নেশ্যনেল ডেস্ক, ১০ জুন:শ্বাৰ্জিল ইমাম গোচৰৰ তদন্তৰ সময়সীমা ৯০ দিনৰ পৰিৱৰ্তে ১৮০ দিন কৰাৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী আৰক্ষীলৈ এক সূচনা জাৰি কৰে । শ্বাৰ্জিল ইমামে জামিনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু পাটিয়ালা হাউচ ন্যায়ালয়ে তদন্তৰ সময়সীমা ৯০ দিনৰ পৰিৱৰ্তে ১৮০ দিনলৈ বঢ়াই দিয়ে । ন্যায়াধীশ কামেশ্বৰ ৰাওৰ বিচাৰপীঠে ভিডিঅ' কনফাৰেন্সযোগে দিল্লী আৰক্ষীক অহা ২৫ জুনলৈ সফল তদন্তৰ নিৰ্দেশ দিয়ে ।
শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ইউ.এ.পিৰ গোচৰ ৰুজু কৰে । দিল্লী আৰক্ষীৰ অপৰাধ শাখাই জানিবলৈ দিয়া মতে,লক ডাউনৰ বাবে তদন্তৰ গতি কিছু লেহেমীয়া হৈছে । সেইবাবে তদন্তৰ সময়সীমা ৯০ দিনৰ সলনি ১৮০ দিনলৈ বঢ়াই দিয়া হয় ।