নিউজ ডেস্ক, 27 জুনঃ গৃহমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰত উপস্থিত হৈছে অমিত শ্বাহ ৷ ৰাজ্যখনত উপস্থিত হৈ আগন্তুক অমৰনাথ যাত্ৰাৰ সম্বন্ধে এক উচ্চ পৰ্যায়ৰ সুৰক্ষা বৈঠকত মিলিত হয় গৃহমন্ত্ৰীগৰাকী ৷ ৰাজ্যখনৰ ৰাজ্যপালৰ লগতে ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ লগতে জম্মু কাশ্মীৰ আৰক্ষীৰ কেবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়াই এই বৈঠকত অংশগ্ৰহণ কৰে ৷
অনন্তনাগৰ শ্বহীদ আৰ্শ্বাদ খানৰ বাসগৃহত উপস্থিত অমিত শ্বাহ - জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়া শ্বহীদ আৰ্শ্বাদ খান
দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে উপস্থিত হয় জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়া শ্বহীদ আৰ্শ্বাদ খানৰ বাসগৃহত ৷ অনন্তনাগৰ এটি চিআৰপিএফ কেম্পত হোৱা আত্মঘাতী আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নতুন দিল্লীস্থিত এইমছত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছিল এইগৰাকী সাহসী আৰক্ষী বিষয়াই ৷ এই আক্ৰমণত অসমৰ নলবাৰী জিলাৰ নিৰোদ শৰ্মাৰ লগতে আন পাঁচগৰাকী চিআৰপিএফ বিষয়া তথা জোৱান ৷
বৈঠক সমাপ্ত কৰিয়ে অনন্তনাগৰ শ্বহীদ আৰ্শ্বাদ খানৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ বাল গাৰ্ডেন অঞ্চলত থকা সাহসী আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে অমিত শ্বাহে ৷
37 বছৰীয়া খান অনন্তনাগৰ সদৰ আৰক্ষী চকীৰ ষ্টেচন হাউচ অফিচাৰ আছিল ৷ জুন মাহৰ 12 তাৰিখে চিআৰপিএফৰ ওপৰত সংঘটিত হোৱা এক আত্মঘাতী আক্ৰমণত সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰ্শ্বাদ আহমেদ খান ৷ এই আক্ৰমণত পাঁচগৰাকীকৈ চিআৰপিএফৰ বিষয়া-জোৱান শ্বহীদ হৈছিল ৷ খানে নিজৰ সাহসৰ পৰিচয় দি আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীটোক গুলীয়াই নিধন কৰিবলৈ সক্ষম হৈছিল ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিচতো সন্ত্ৰাসবাদীটোক গুলীয়াই নিধন কৰিছিল ৷ পৰৱৰ্তী সময়ত এইমছত চিকিৎসাধীন অৱস্থাত শ্বহীদ হৈছিল খান ৷