নিউজ ডেস্ক, 5 জুলাই :কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিল্লীৰ ইন্দিৰাগান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰা কোভিড-19 চিকিৎসালয় পৰিভ্ৰমণ কৰে ৷ 1,000 বিচনাযুক্ত এইখন চিকিৎসালয়ত 250খন আইচিইউ বিচনা আছে আৰু ইয়াক অভিলেখসংখ্যক সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ দেওবাৰে দেশৰ দুয়োগৰাকী শীৰ্ষ নেতাই একেলগে চিকিৎসালয় পৰিদৰ্শন কৰে ৷
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নামত থকা এটুকুৰা ভূমিত এইখন চিকিৎসালয় 11 দিনত নিৰ্মাণ কৰি তুলিছিল ডিআৰডিঅ আৰু টাটা ছনচে ৷ চৰ্দাৰ পেটেলৰ নামত উৎসৰ্গিত কৰা হৈছে এইখন কোভিড-19 চিকিৎসালয় ৷
চিকিৎসালয়খন পৰিদৰ্শন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এক টুইট কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এইখন চিকিৎসালয় বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট নীতি নিয়মৰ ভিতৰত থাকিয়ে সম্পূৰ্ণৰূপে তৈয়াৰ কৰি তোলা হৈছে ৷ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, টাটা ছনচ ইণ্ডাষ্ট্ৰীছ আৰু অন্যান্য সংস্থাসমূহৰ সহযোগত ইয়াৰ নিৰ্মাণ কাৰ্য মাত্ৰ 11 দিনত সম্পূৰ্ণ হৈ উঠিছে ৷