নেশ্যনেলে ডেস্ক, 12 মে' : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে স্বাস্থ্যখণ্ডৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা নাৰ্ছসকলক প্ৰশংসা আগবঢ়ায় ৷ আন্তজাৰ্তিক নাৰ্ছ দিৱসৰ দিনটোতে নাৰ্ছৰ অৱদানৰ ভূয়সী প্ৰশংসা আগবঢ়াই দেশৰ শীৰ্ষ স্থানৰ ৰাজনৈতিক নেতা দুজনে ৷ COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজত এই নাৰ্ছসকলৰ অৱদানক শলাগ লোৱা হয় ৷
কৰ'ণাৰ বিৰুদ্ধে যুঁজত নাৰ্ছৰ অৱদানক প্ৰশংসা শ্বাহ, ৰাহুলৰ - নাৰ্ছসকলক টুইটাৰৰ জৰিয়তে শ্বাহ আৰু গান্ধীৰ প্ৰশংসা
আন্তজাৰ্তিক নাৰ্ছ দিৱসত নাৰ্ছৰ প্ৰশংসা অমিত শ্বাহ আৰু ৰাহুল গান্ধীৰ ৷ COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজত নাৰ্ছক নায়ক আখ্যা শ্বাহ আৰু গান্ধীৰ ৷
টুইটাৰৰ জৰিয়তে শ্বাহে কয়, "আন্তজাৰ্তিক নাৰ্ছ দিৱস উপলক্ষ্যে বিশ্বৰ প্ৰতিটো স্থানতে নিজৰ সেৱা আগবঢ়াই অহা প্ৰতিগৰাকী নাৰ্ছলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ আমাৰ স্বাস্থ্য খণ্ডৰ আধাৰ হৈছে নাৰ্ছসকল ৷ Covid-19 ৰ সংক্ৰমণ ৰোধত তেওঁলোকৰ অৱদান উল্লেখনীয় ৷ তেওঁলোকৰ অফুৰন্ত চেষ্টাৰ বাবে দেশে তেওঁলোকক ছালাম জনাইছে ৷"
ৰাহুল গান্ধীয়েও টুইটাৰৰ জৰিয়তে কয়, "সমগ্ৰ দেশতে আমাৰ নাৰ্ছসকলে কঠোৰ পৰিশ্ৰম কৰি আছে ৷ জীৱন ৰক্ষা কৰাৰ মহান কামত ব্ৰতী হৈছে ৷ তেওঁলোক আমাৰ স্বাস্থ্যখণ্ডৰ নায়ক হয় ৷ তেওঁলোকৰ পৰিশ্ৰম আৰু কৰ্মনিষ্ঠাৰ বাবে মই তেওঁলোকক ধন্যবাদ আৰু ছালাম জনাইছো ৷"