অসম

assam

ETV Bharat / bharat

আৰএছএছ প্ৰতিষ্ঠা দিৱস : গৃহমন্ত্ৰী আৰু বিজেপি সভাপতিৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে টুইটযোগে দেশবাসীক শুভেচ্ছা জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাই ৷

By

Published : Oct 25, 2020, 3:59 PM IST

Shah, Nadda extend greetings on RSS Foundation Day
আৰএছএছ প্ৰতিষ্ঠা দিৱস : গৃহমন্ত্ৰী আৰু বিজেপি সভাপতিৰ শুভেচ্ছা জ্ঞাপন

নিউজ ডেস্ক,25 অক্টোবৰ : দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভকামনা জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাই ৷

মন্ত্ৰী শ্বাহে টুইটযোগে কয় যে,‘‘আৰএছএছ কেৱল এক সংগঠন নহয় ৷ ই এক অনুশাসন, দেশভক্তি আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতীক ৷ ৰাষ্ট্ৰবাদৰ ভিত্তিত দেশৰ যুৱ প্ৰজন্মই নিজৰ বিচাৰ-বিবেচনা আৰু মূল্যবোধৰ সৈতে নিঃস্বাৰ্থভাৱে সেৱা কৰাৰ বাবে উৎসাহ যোগোৱা হৈছে’’ ৷

লগতে তেওঁ কয় যে, ‘‘বিগত 9 দশকজুৰি সংঘৰ প্ৰত্যেক স্বয়ং সেৱকে ভাৰতক বিশ্ব নেতা বনোৱা আৰু এই গৌৰৱ অটুট ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ সকলো স্বয়ং সেৱকক হিৰাভৰা শুভেচ্ছা জনালোঁ’’ ৷

আনহাতে নাড্ডাই টুইটযোগে কয় যে, ‘‘ৰাষ্ট্ৰীয় সেৱা, অনুশাসন আৰু আত্মনিৰ্ভৰশীলৰ মূলমন্ত্ৰক আত্মসাৎ কৰাৰ উদ্দেশ্যে বিশ্বৰ সৰ্ববৃহৎ স্বয়ং সেৱী সংগঠনে নিজৰ অদ্ভুদ কৌশলেৰে মানৱ সেৱা কৰাৰ বাবে আশাৰ ৰেঙণি জগায় ৷ আৰএছএছৰ প্ৰতিষ্ঠা দিৱসত দেশবাসীলৈ হিয়াভৰা শুভেচ্ছা’’ ৷

লগতে পঢ়ক :ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details