অসম

assam

ইটিভি ভাৰতৰ সৈতে শ্বাহ ফৈছালৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Aug 14, 2020, 12:52 PM IST

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা প্ৰথমগৰাকী কাশ্মীৰী শ্বাহ ফৈছালে যোৱা বছৰ ৰাজনীতিত প্ৰৱেশ কৰে যদিও বিগত সপ্তাহত তেওঁ ৰাজনৈতিক ক্ষেত্ৰখন ত্যাগ কৰে । ইটিভি ভাৰতৰ সাংবাদিক মীৰ ফাৰহাট মকবুলৰ সৈতে হোৱা তেওঁৰ এক আছুতীয়া সাক্ষাৎকাৰ আগবঢ়োৱা হ’ল ।

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা প্ৰথমগৰাকী কাশ্মীৰী
ইটিভি ভাৰতৰ সৈতে শ্বাহ ফৈছালৰ আছুতীয়া সাক্ষাৎকাৰ

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা প্ৰথমগৰাকী কাশ্মীৰী শ্বাহ ফৈছালে যোৱা বছৰ ৰাজনীতিত প্ৰৱেশ কৰে যদিও বিগত সপ্তাহত তেওঁ ৰাজনৈতিক ক্ষেত্ৰখন ত্যাগ কৰে । ইটিভি ভাৰতৰ সাংবাদিক মীৰ ফাৰহাট মকবুলৰ সৈতে হোৱা তেওঁৰ এক আছুতীয়া সাক্ষাৎকাৰ আগবঢ়োৱা হ’ল ।

পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত মই কোনো গুৰুত্বপূৰ্ণ কাম কৰিব পাৰিছো বুলি ভবা নাইঃ শ্বাহ ফৈছাল ৷

২০০৯ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰা শ্বাহ ফৈছালে জম্মু কাশ্মীৰ পিপ’লছ মুভমেণ্ট নামৰ ৰাজনৈতিক দলটো গঠন কৰাৰ এবছৰ পাছত

ৰাজনীতি ত্যাগ কৰিছে । বৰ্তমান তেওঁ পুনৰাই চাকৰিত যোগদান কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ।

সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ ভাগ কৰাৰ পাছত আন মূলসুঁতিৰ ৰাজনৈতিক নেতাসকলৰ লগতে ফৈছালকো ৰাজহুৱা নিৰাপত্তা আইনৰ অধীনত কাৰাগালনৈ নিক্ষেপ কৰা হৈছিল। তেওঁক এঘাৰ মাহৰ বন্দীত্বৰ অন্তত এই বছৰৰ ৩ জুনত মুকলি কৰি দিয়া হয় ।

ফৈছালে দাবী কৰা অনুসৰি তেতিয়াৰে পৰা তেওঁ গৃহবন্দী হৈ আছে । কিন্তু সকলোকে আচৰিত কৰি ফৈছালে তেওঁৰ ডেৰ বছৰীয়া ৰাজনৈতিক দলটোৰ সভাপতিৰ পদ ত্যাগ কৰে । ইটিভি ভাৰতৰ সাংবাদিক মীৰ ফাৰহাটৰ সৈতে হোৱা এই সাক্ষাৎকাৰত ফৈছালে জনায় যে, পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত তেওঁ ৰাজনৈতিকভাৱে সাৱ আগবঢ়াব নোৱৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁ নিজৰ জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰিব ।

প্ৰশ্ন- ৰাজনৈতিত যোগদান কৰাৰ মাত্ৰ ডেৰ বছৰ পাছতে আপোনাৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলগীয়া হোৱাৰ কাৰণ কি?

উত্তৰ- এই কথাটো ভাবিবলৈ মোক প্ৰায় এবছৰ সময়ৰ প্ৰয়োজন হৈছিল । ৫ আগষ্টৰ পাছত কথাবোৰ আগৰ দৰে হৈ নাথাকিল । মই আগবাঢ়ি যাব খোজোঁ ।

প্ৰশ্ন-৫ আগষ্টৰ পাছত নিৰ্বাচনী ৰাজনীতিৰ সম্ভাৱনা তেনেই কম বুলি আপুনি ভাবেনে? কিয়নো কাশ্মীৰকেন্দ্ৰিক বিষয়বোৰক কোনেও গুৰুত্ব নিদিব । এই কাৰণটোৰ ফলতে আপুনি নিজৰ পূৰ্বৰ স্থানত ঘূৰি যাবলৈ বিচাৰিছে নেকি?

উত্তৰ- একেবাৰে নহয় । নিৰ্বাচনী ৰাজনীতি সদায় প্ৰাসংগিক হৈ থাকিব । এয়া যিহেতু গণতন্ত্ৰ, গতিকে সকলো কথাৰ শেষত মানুহে তাৰ বাবেই দৌৰিব । কিন্তু এই পৰিৱৰ্তিত পৰিস্থিতিত মই কিবা

গুৰুত্বপূৰ্ণ কাম কৰিব পাৰিছোঁ বুলি মই নেভাবোঁ ।

প্ৰশ্ন-আপুনি অসামৰিক সেৱা আৰু ৰাজনীতি দুয়োটাতে যোগদান কৰাৰ ফলত বহুতেই বিশেষকৈ যুৱচামে আপোনাকলৈ আশাবাদী হৈ পৰিছিল । এতিয়া তেওঁলোকৰ আশাবোৰ নিঃশেষ হৈ যোৱাৰ দৰে হৈছে। তেওঁলোকে নিজকে প্ৰতাৰিত বুলি অনুভৱ নকৰিবনে?

উত্তৰ-মই যেতিয়া চাকৰি এৰিছিলোঁ তেতিয়া অসামৰিক সেৱাত যোগদান কৰিব খোজা যুৱ প্ৰজন্মৰ বহুতেই দুখ পাইছিল । মই নিশ্চিত যে মোৰ বৰ্তমানৰ সিদ্ধান্তটোকলৈও বহুতেই একেই অনুভৱ

কৰিছে । তেওঁলোকৰ বাবে মই দুখ অনুভৱ কৰিছোঁ ।

প্ৰশ্ন- বিগত বৰ্ষৰ ৪ আগষ্টত গ্ৰেপ্তাৰ হোৱা বহু ৰাজনৈতিক নেতাই কোৱা অনুসৰি ৩৭০ নং প্ৰত্যাহাৰ সন্দৰ্ভত মাত নামাতিবলৈ তেওঁলোকক এক চুক্তিত স্বাক্ষৰ কৰিবলৈ কোৱা হৈছিল । যিহেতু আপুনি কাশ্মীৰৰ নতুন ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাটোৰ অংশ হবলৈ গৈ আছে, তেনেস্থলত প্ৰশ্নৰ সৃষ্টি হয়- আপুনি এই চুক্তিত স্বাক্ষৰ কৰিছিলনে?

উত্তৰ- ৰাজহুৱা নিৰাপত্তা আইনত তেনেধৰণৰ কোনো চুক্তিৰ উল্লেখ নাই । আমাক বিনাচৰ্তে মুকলি কৰি দিয়া হৈছিল ।

প্ৰশ্ন- আপোনাৰ পদত্যাগ এতিয়াও গ্ৰহণ কৰা নাই । আপুনি অসামৰিক সেৱাত পুনৰ যোগদান বা হাৰ্ভাৰ্ডলৈ অধ্যয়নৰ বাবে যাব নেকি?

উত্তৰ- এতিয়া এইবোৰৰ মোৰ একোৱে ধাৰণা নাই । মই প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । পাছত সম্পূৰ্ণৰূপে সুস্থিৰ হ’ব বিচাৰোঁ । জীৱনত বহু অভিজ্ঞতা লাভ কৰি বহু কথাই শিকিছোঁ ।

ABOUT THE AUTHOR

...view details