নেশ্যনেল ডেস্ক,8 মে' : নিজ অঞ্চললৈ প্ৰত্য়াৱৰ্তনৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰায় আধাসংখ্য়কে নিজৰ নাম তালিকাৰ পৰা কৰ্তন কৰিছে ৷ প্ৰায় 881 জন শ্ৰমিকে নিজ অঞ্চললৈ উভতি যাবৰ বাবে নাম পঞ্জীয়ন কৰিছিল যদিও কেৱল 348 জনহে 9 খন বিভিন্ন জিলালৈ উভতি যায় বুলি প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ প্ৰশাসনে ৷
গাজিয়াবাদৰ জিলা ন্যায়াধীশ অজয় শংকৰ পাণ্ডেই কয় য়ে, নাম প্ৰত্যাহাৰ কৰা দুজন প্ৰব্ৰজনকাৰী শ্ৰমিক ৰাজস্থানৰ কাৰাউলী জিলাৰ বনজিত সিং আৰু ফুল সিঙক কাৰণ সোধা হৈছিল ৷ তেওঁলোকে কয় যে, গাজিয়াাদৰ ফেক্টৰীবোৰ পুনৰ আৰম্ভ কৰা হৈছে সেয়েহে কোনো কৰ্ম সংস্থাপন লাভ কৰিব বুলি তেওঁলোক আশাবাদী ৷