নেশ্যনেল ডেস্ক, 3 অক্টোবৰ :উত্তৰ প্ৰদেশত পোহৰলৈ আহিছে ইটোৰ পাচত সিটো ধৰ্ষণৰ ঘটনা ৷ পুনৰ কাকোড়ত সংঘটিত হৈছে এগৰাকী 16 বছৰীয়া নাবালিকাৰ ধৰ্ষণ ৷ উল্লেখ্য যে, নাবালিকাগৰাকী 4 মাহৰ অন্তঃসত্বা হোৱাৰ পাচতে পোহৰলৈ আহে এই ঘটনা ৷
পীড়িতাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৱা ডেৰ বছৰ ধৰি তেওঁক এজন 72 বছৰীয়া বৃদ্ধৰ লগতে বহুকেইজন লোকে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল ৷