অসম

assam

ETV Bharat / bharat

ৰামনগৰত বিজেপি-টিএমচিৰ মাজত সংঘৰ্ষঃ কেইবাজনো আহত

কনটাইত বিজেপি-টিএমচিৰ মাজত হোৱা সংঘৰ্ষত আহত বহু লোক । শান্তিপূৰ্ণ সমদলত বিজেপি কৰ্মীয়ে প্ৰৰোচিত নকৰাকৈয়ে TMC কৰ্মীয়ে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ ।

By

Published : Dec 23, 2020, 8:43 PM IST

ৰামনগৰত বিজেপি-টিএমচিৰ মাজত সংঘৰ্ষ , কেইবাজনো আহত
ৰামনগৰত বিজেপি-টিএমচিৰ মাজত সংঘৰ্ষ , কেইবাজনো আহত

Ramnagar: পশ্চিমবংগৰ নিৰ্বাচন সমাগত । তৃণমূল কংগ্ৰেছ আৰু বিজেপি দল ব্য়স্ত ৰাজ্যখনত নিজৰ নিজৰ স্থিতি শক্তিশালী কৰাত; কিন্তু তাৰ মাজতে দুয়োটা দলৰ মাজত অব্য়াহত আছে বাক বিতণ্ডা ।

শেহতীয়াকৈ বিজেপিত যোগদান কৰা সুবেন্দু অধিকাৰীৰ দুৰ্গ কনটাইত বিজেপিয়ে উলিওৱা এক ৰেলীৰ সময়ত অঞ্চলটোৰ ৰামনগৰত তৃণমূল কংগ্ৰেছ আৰু বিজেপি কাৰ্যকৰ্তাৰ মাজত বুধবাৰে এক সংঘৰ্ষৰ সূত্ৰপাত হয় য'ত কেইবাজনো কৰ্মী আহত হয় ।

আৰক্ষীয়ে জনোৱা মতে, মেদিনীপুৰ জিলাৰ ৰামনগৰত থকা TMCৰ এটা কাৰ্যালয়ৰ সন্মুখেৰে বিজেপিৰ এটা সমদল পাৰ হৈ যাওতে এই ঘটনা সংঘটিত হয় । এটা পক্ষই আনটোৰ ওপৰত আক্ৰমণ কৰাত সংঘৰ্ষৰ সৃষ্টি হয় য'ত কেইবাজনো লোক আহত হয় ।

কান্থিৰ বিজেপি সভাপতি গৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে শান্তিপূৰ্ণভাৱে সমদল কৰি গৈ থাকোতে একাংশ TMC নেতাই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে ।

"আমি এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে । ৰাজ্য়ৰ আৰক্ষী তৃণমূল কংগ্ৰেছ চৰকাৰৰ হাতৰ পুতলা " এএদৰে কলে বিজেপি সভাপতি অনুপ চক্ৰৱৰ্তীয়ে ।

আৰক্ষীয়ে পৰিস্থিতি শান্ত কৰে যদিও TMC আৰু BJP কৰ্মী সকলে ইটো দলে আনটো দলৰ ওপৰত বিভিন্নধৰণৰ অভিযোগ আনে । BJP ৰ অভিযোগ অনুসৰি, শান্তিপূৰ্ণ সমদলত কোনোৱে প্ৰৰোচিত নকৰাকৈয়ে TMC কৰ্মীয়ে তেওঁলোকৰ কৰ্মীক আক্ৰমণ কৰিছে । আনফালে TMCয়েও প্ৰতি অভিযোগ তুলি কয় যে, BJP কৰ্মীয়ে তেওঁলোকৰ এটা কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে আৰু কৰ্মীসকলকো মাৰধৰ কৰে ।

TMC নেতা সুপ্ৰকাশ গিৰিৰ মতে, এই আক্ৰমণত টিএমচি কৰ্মী জড়িত নহয় আৰু তেওঁলোক ৰাজনৈতিকভাৱে শক্তিশালী এটা দল । ৰামনগৰৰ প্ৰধান ব্য়ক্তি হ'বলৈ গৈ বিজেপি নেতা কৰ্মীয়ে নিজৰ মাজতে মাৰপিট কৰিছে । কান্থিৰ এক বৃহৎ কাৰ্যসূচীৰ বাবে তেওঁলোক ব্য়স্ত আছে বুলি মন্তব্য় কৰিছে সুপ্ৰকাশ গিৰিয়ে ।

লগতে পঢ়ক :বিকাশ ডুবেৰ ভাতৃৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details