নেশ্যনেল ডেস্ক, 31 মাৰ্চ :দিল্লীৰ নিজামুদ্দিন অঞ্চলত 2000 লোকৰ উপস্থিতিত আয়োজন কৰা ধৰ্মীয় সমাৱেশৰ বহুকেইজন লোক কোভিড-19 ত আক্ৰান্ত হৈছে ৷ এই সমাৱেশৰ পৰা উভতি আহি তেলেংগানাত মৃত্যু হৈছে 6 জন লোক ৷ ইয়াৰোপৰি, জম্মু-কাশ্মীৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু আন্দামান নিকোবৰ দ্বীপৰ প্ৰায় বহুকেইজনমান লোক এই ৰোগত আক্ৰান্ত হৈছে ৷
তেলেংগানাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটাৰৰ জৰিয়তে কোৱা হয়, "নতুন দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ মাৰ্কাজত 13 মাৰ্চৰ পৰা 15 মাৰ্চলৈ অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে 6 জন লোক কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ দুজন লোক গান্ধী হাস্পতালত মৃত্যু হোৱাৰ বিপৰীতে এপল' হাস্পতাল, গ্ল'বেল হাস্পতাল, নিজামুদ্দিন আৰু গাডৱালত এজনকৈ লোকৰ মৃত্যু হৈছে ৷"
এই সমাৱেশত অংশগ্ৰহণকাৰী বহুলোক আক্ৰান্ত হোৱাৰ পাচতে প্ৰশাসনে অঞ্চলটো ছীল কৰি দিয়াৰ লগতে সেই স্থানত উপস্থিত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে ৷
এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৱাহৰলাল নেহৰু ষ্টেডিয়ামক এক বৃহৎ আছুতীয়া কক্ষলৈ ৰূপান্তৰ কৰা হৈছে ৷ এই অনুষ্ঠানৰ সমাপ্তিৰ পাচতো প্ৰায় 1,400 লোকে নিজামুদ্দিনৰ পশ্চিম অঞ্চলৰ তাবলিগ-এ-জামাতত বসবাস কৰি আহিছিল ৷
এই সমাৱেশত অংশগ্ৰহণ কৰি শ্ৰীনগৰৰো এজন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱটিছে ৷