অসম

assam

By

Published : Oct 10, 2020, 12:22 PM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰত এচিড আক্ৰমণঃ 7 গৰাকী আঘাতপ্ৰাপ্ত

মহাৰাষ্ট্ৰত এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ অচিনাক্ত লোকে 7 গৰাকী লোকক এচিডৰে আক্ৰমণ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷

Seven suffer burn injures in acid attack in Maharashtra's Bhiwandi
মহাৰাষ্ট্ৰত এচিড আক্ৰমণঃ 7 গৰাকী আঘাতপ্ৰাপ্ত

নিউজ ডেস্ক, 10 অক্টোবৰ : মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী চহৰৰ ছাইনাথ নগৰত অচিনাক্ত লোকৰ এচিড আক্ৰমণত 7 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাৰ পিচতে ততালিকে স্থানীয় আৰক্ষীৰ দল এটাই উক্ত অঞ্চলত উপস্থিত হয় আৰু আঘাতপ্ৰাপ্ত সকলক ইণ্ডিৰা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে, আৰক্ষীয়ে আক্ৰমণকাৰীক চিনাক্ত কৰিবৰ বাবে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, দুদিন পূৰ্বে চহৰখনত দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু সেই কাজিয়াক কেন্দ্ৰ কৰি এচিড আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

ইয়াৰ পূৰ্বে, 24 ছেপ্টেম্বৰত এজন ব্যক্তিয়ে কৰ্ণাটকৰ দক্ষিণ কনাড় জিলাত থকা তেওঁৰ বাসগৃহত তেওঁৰ পত্নী আৰু মাহীয়েকৰ ওপৰত এচিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ঘটনাত দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ততালিকে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক :কৌমুদালয়: এজাক শিশুৰ জীৱনৰ জয় গান

ABOUT THE AUTHOR

...view details