নিউজ ডেস্ক, ৭ জুলাইঃপশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ কুখ্যাত অপৰাধী তথা ছিৰিয়েল কিলাৰ কামৰুজ্জামানক সোমবাৰে ফাঁচীৰ শাস্তি বিহে কলনা আদালতে । কলনা মহকুমা আদালতৰ ন্যায়াধীশ তপন কুমাৰ মণ্ডলে বিগত ৩ জুলাইত কামৰুজ্জামানক এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত দোষী সাব্য়স্ত কৰে । তাৰ পাচতে সোমবাৰে ফাঁচীৰ ঘোষণা কৰে কলনা মহকুমা আদালতৰ ন্যায়াধীশে ।
পশ্চিম বংগৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক মৃত্যুদণ্ডৰ ৰায়দান - death sentence
পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক ফাঁচীৰ ঘোষণা কলনা আদালতৰ । বিগত ৩ জুলাইত কামৰুজ্জামানক এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা বুলি দোষী সাব্য়স্ত হোৱাৰ পাচতে সোমবাৰে ফাঁচীৰ ঘোষণা কৰে কলনা মহকুমা আদালতৰ ন্যায়ধীশ তপন কুমাৰ মণ্ডলে ।
পশ্চিম বংগৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক মৃত্যুদণ্ডৰ ঘোষণা
উল্লেখ্য যে, পূৰ্ব বৰ্ধমান জিলাত এজন চেইন কিলাৰ হিচাপেও পৰিচিত কামৰুজ্জামান । অপৰাধী কামৰুজ্জামানে মহিলাসকলক হত্যা কৰিবলৈ চাইকেলৰ চেইন ব্যৱহাৰ কৰিছিল । ইতিমধ্যে কামৰুজ্জামানে মুঠ ৮ গৰাকী মহিলাক চাইকেলৰ চেইন ব্যৱহাৰ কৰি হত্যা কৰে।
লগতে পঢ়ক :নিয়ন্ত্ৰণ ৰেখাত নিশা বায়ু সেনাৰ অভিযান