অসম

assam

ETV Bharat / bharat

হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

বিগত এমাহ সময়ত ভাৰতীয় স্থলসেনাত কৰ্মৰত কৰ্ণেল আৰু লেফ. কৰ্ণেল পদবীত কৰ্মৰত হৈ থকা ছগৰাকী বিষয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ লক্ষণীয় কথাটো হৈছে এই আটাইকেইগৰাকী বিষয়া শাৰিৰীকভাৱে স্বাস্থ্যৱান আছিল আৰু তেওঁলোকৰ বয়স 40-54 বছৰৰ ভিতৰত আছিল ৷

By

Published : Sep 28, 2020, 10:16 PM IST

হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ
হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ :যিটো সময়ত চীনৰ সৈতে মুখামুখি হ'বলৈ লাডাখত ভাৰতীয় স্থলসেনাই ঘাটি পাতিছে, তেনে সময়তে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা চলাই আহিছে ৷ বৰফেৰে ঢকা দুৰ্গম পাহাৰীয়া এলেকাত আমাৰ সৈনিকে বতৰৰ সৈতে যুঁজ দি আছে যদিও আন এক শত্ৰুৰ সৈতেও মুখামুখি হ'বলগীয়া হৈছে স্থলসেনা ৷

এই বিশেষ শত্ৰু হৈছে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চলিত ছেপ্টেম্বৰ মাহৰ ভিতৰতে ভাৰতীয় স্থলসেনাই হেৰুৱাইছে বহুকেইগৰাকী বিষয়া ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে ভাৰতীয় স্থলসেনাত কৰ্মৰত কৰ্ণেল আৰু লেফ. কৰ্ণেল পদবীৰ প্ৰায় ছগৰাকী বিষয়া ৷ লক্ষণীয় কথাটো হৈছে এই আটাইকেইগৰাকী বিষয়া শাৰিৰীকভাৱে স্বাস্থ্যৱান আছিল আৰু তেওঁলোকৰ বয়স 40-54 বছৰৰ ভিতৰত আছিল ৷ এয়া সাধাৰণ লাগিলেও সংখ্যাৰ ফালৰ পৰা এই মৃত্যু যথেষ্ট অসাধাৰণ ৷

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰা বিষয়াসকলৰ ভিতৰত কৰ্ণেল তুষাৰ তিৱাৰী (চিএমই), আৰ্টিলাৰীৰ কৰ্ণেল বোস আৰু লেফ. কৰ্ণেল মায়ংক বৰা, কৰ্ণেল অমিত চুক্লা আৰু কৰ্ণেল ধনখড় (এএছচি) আৰু কৰ্ণেল বী কে যাদৱ (ইএমই) ৷ মৃত্যুমুখত পৰা সেনা বিষয়াসকলৰ ভিতৰত আৰ্টিলাৰীৰ 346 ফিল্ড ৰেজিমেন্টৰ লেফ. কৰ্ণেল মায়ংক বৰাৰ ঘৰ অসমৰ গুৱাহাটীত আৰু তেওঁৰ মৃত্যু বিগত 26 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ বেৰেলিস্থিত সেনা চাউনীত হৈছিল ৷ দৰাচলতে সেনাত কৰ্মৰত বিষয়া তথা জোৱানৰ তথ্য দিয়াটো তেনেই সহজ কাম নহয় যদিও এমাহৰ ভিতৰত ছগৰাকীকৈ শীৰ্ষ বিষয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাটো কোনো সাধাৰণ কথাও নহয় ৷ দেশৰ হকে যুঁজি শ্বহীদ হোৱা আৰু স্বাস্থ্যজনিত কাৰণত মৃত্যুবৰণ কৰা দুয়োটা একে নহয় আৰু এইক্ষেত্ৰত স্বাস্থ্যজনিত কাৰণত মৃত্যুবৰণ কৰা বিষয়া তথা জোৱানৰ সংখ্যা অধিক ৷

হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

সেনাত কৰ্মৰত অথবা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কৰ্মৰত বিষয়া অথবা জোৱানৰ স্বাস্থ্যগত দিশটোক "SHAPE"ৰ অধীনত ধৰা হয় ৷ এই শব্দটোৰ পাঁচটা কাৰণ অৰ্থাৎ 'S' মনোবিজ্ঞান(psych), 'H' শুনা(hearing), 'A', পৰিশিষ্ট (appendages), 'P' শাৰিৰীক (physical) আৰু 'E' দৃষ্টি (eyesight)ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ৷ এই পাঁচটা কাৰণত উত্তীৰ্ণ হোৱা বিষয়া তথা জোৱানক "SHAPE-1"ৰ স্বাস্থ্যগত দিশত ধৰা হয় ৷ ইয়াৰ যিকোনো এটা কাৰণৰ কম হ'লেই বিষয়া তথা জোৱানক "SHAPE-1"ৰ পৰা আঁতৰাই দিয়া হয় ৷ উদাহৰণস্বৰূপে এগৰাকী বিষয়াৰ যদি শ্ৰৱণশক্তি কম হয় তেতিয়া তেওঁক 3 গ্ৰেড অথবা "S1H3A1P1E1" হিচাপে গণ্য কৰা হয় ৷

এতিয়া কথাটো হৈছে এমাহৰ ভিতৰত মৃত্যুমুখত পৰা ছগৰাকী সেনা বিষয়াৰ স্বাস্থ্যগত গাঁথনি "SHAPE-1"ৰ আছিল ৷ এনে অৱস্থাত তেওঁলোকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা ঘটনাটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাটো উচিত হ'ব, আৰু স্বাস্থ্য সম্বন্ধীয় গৱেষণাত এইটো পোহৰলৈ আহিছে যে, 30-55 বছৰ বয়সৰ অধিকাংশ ভাৰতীয়ই হৃদৰোগেৰে যুঁজিব লগা হৈছে ৷

লগতে পঢ়ক :স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details