অসম

assam

ETV Bharat / bharat

100 পইণ্টলৈ নিম্নগামী ছেনছেক্স ! ইৰাণত আমেৰিকাৰ ষ্ট্ৰাইক.. - বিশ্ব স্তৰত বৃদ্ধি পাইছে তেলৰ মূল্য

ইৰাণিয়ান কামাণ্ডাৰক হত্যা কৰাৰ পাচতেই বৃদ্ধি পাইছে তেলৰ মূল্য ৷ যাৰ পোনপটীয়া প্ৰভাৱ দেখা পোৱা গৈছে ছেনছেক্সত ৷ শুকুৰবাৰে 100 পইণ্টলৈ নিম্নগামী হ’ল ছেনছেক্স ৷

100 পইণ্টলৈ নিম্নগামী ছেনছেক্স
100 পইণ্টলৈ নিম্নগামী ছেনছেক্স

By

Published : Jan 3, 2020, 1:49 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰীঃ বিশ্ব স্তৰত বৃদ্ধি পাইছে তেলৰ মূল্য ৷ ইৰাণত আমেৰিকাৰ সৈন্যই আক্ৰমণ কৰি ইৰাণীয়ান কামাণ্ডাৰক হত্যা কৰাৰ পাচতেই তৈল্য ক্ষেত্ৰত পৰিছে ব্যাপক প্ৰভাৱ ৷ যাৰ বাবে বিশ্বস্তৰত পুৱা 11 বজালৈ 4% বৃদ্ধি দেখা পোৱা গৈছে তেলৰ মূল্যত ৷ বৰ্তমান ব্ৰেণ্ট ক্ৰুড অইলৰ মূল্য হৈছে 68.38 ডলাৰ ৷ BSE Index 107.35 পইণ্ট তথা 0.26 শতাংশ নিম্নগামী হৈ 41,519.29 চলি থকা সময়তে NSE নিফটি 39.10 পইণ্ট তথা 0.32 শতাংশৰে 12,243.10 ত অৱস্থিত ৷

বৰ্তমান 1.62 শতাংশ ক্ষতিগ্ৰস্ত ৰে সৰ্বাধিক নিম্নগামী হৈ আছেএছিয়ান পেন্টছ৷ ইয়াৰ পাচতেই আছে টাটা ষ্টীল (Tata Steel), এইজডিএফচি বেংক (HDFC Bank), মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা (Mahindra and Mahindra), এইজইউএল(HUL), ইণ্ডাছইণ্ড বেংক (IndusInd Bank) আৰু মাৰুতি (Maruti) ৷

ইয়াৰ বিপৰীতে ফুনাফা লাভ কৰিছে ONGC য়ে ৷ 2.77 শতাংশ বৃদ্ধি লাভ কৰিছে ৷ ইয়াৰ লগতে টিচিএছ (TCS), ইনফোছিছ (Infosys), এইজচিএল টেক (HCL Tech), টেক মহিন্দ্ৰা (Tech Mahindra), ছান ফাৰ্মা (Sun Pharma) আৰু হিৰ’ মটৰ ক্ৰপ(Hero MotoCorp) য়ে উৰ্ধগামী (গ্ৰীন সংকেত) ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷

  • লগতে চাওক-গোলাঘাটত উত্তেজনাঃ নিশা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰলৈ দুবৃত্তৰ গুলীবৰ্ষণ

ABOUT THE AUTHOR

...view details