অসম

assam

ETV Bharat / bharat

চন্দ্ৰযান1ৰ প্ৰকল্প নিৰ্দেশকৰ সৈতে বিশেষ সাক্ষাৎকাৰ - ISROs space programs Chandrayan 1

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী, চন্দ্ৰযান 1 ৰ প্ৰকল্প নিৰ্দেশক এম আন্নাধাৰাইৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷ সাক্ষাৎকাৰত দেশৰ জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে ভাৰতৰ স্বদেশীয় মিছন চন্দ্ৰযান1 আৰু 2 ৰ লগতে মংগলযানৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰে ৷

চন্দ্ৰযান1ৰ প্ৰকল্প নিৰ্দেশকৰ সৈতে বিশেষ সাক্ষাৎকাৰ

By

Published : Sep 5, 2019, 4:33 PM IST

নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী তথা চন্দ্ৰযান 1ৰ প্ৰকল্প নিৰ্দেশক ডঃ এম আন্নাধাৰাইৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷ চন্দ্ৰযান 1ৰ লগতে, চন্দ্ৰযান 2 আৰু মংগলযান সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই লাভ কৰা সফলতা সন্দৰ্ভত বিশেষভাৱে বাৰ্তালাপ কৰে দেশৰ প্ৰসিদ্ধ মহাকাশ বিজ্ঞানীগৰাকীয়ে ৷

চন্দ্ৰযান1ৰ প্ৰকল্প নিৰ্দেশকৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ভাৰতৰ বাবে চন্দ্ৰযান দ্বিতীয়ই মহাকাশ গৱেষণাত বহুটো নতুন পথৰ সন্ধান দিয়াৰ লগতে, ভাৰতৰ উঠি অহা প্ৰজন্মৰ বাবে ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য কৰে ডঃ এম আন্নাধাৰাইয়ে ৷ অনাগত দিনত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে ভাৰতৰ চন্দ্ৰযান 2ই বিশ্ববাসীক ভাৰতৰ তলত ৰাখিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিজ্ঞানীগৰাকীয়ে ৷ যিহেতু চন্দ্ৰযান 2 এক মানৱবিহীন অভিযান, পৰৱৰ্তী সময়ত মানৱ অভিযানৰ বাবেও ই সহায় কৰিব ৷ যিদৰে ভাৰতৰ মংগলযানে অতি কম খৰচতে প্ৰথম প্ৰচেষ্টাতে মংগলগ্ৰহত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল ৷ ঠিক একেদৰেই চন্দ্ৰযান দ্বিতীয়ই সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হ'ব আৰু ভাৰতে এক নতুন ইতিহাসৰ সৃষ্টি কৰিব ৷

ABOUT THE AUTHOR

...view details