অসম

assam

লক ডাউনত জনতাৰ ভিৰঃ বৰ্খাস্ত 2 শীৰ্ষ বিষয়া

By

Published : Mar 30, 2020, 1:56 PM IST

দিল্লীৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্যসচিব আৰু বিত্ত বিভাগৰ মহাসচিবক বৰ্খাস্ত কৰা হয় আৰু গৃহ সচিব আৰু চিলামপুৰৰ উপ খণ্ড দণ্ডাধিশলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয় ।

দিল্লীৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্যসচিব
দিল্লীৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্যসচিব

নতুন দিল্লী, 30 মাৰ্চঃ দিল্লী চৰকাৰৰ দুই শীৰ্ষ বিষয়াক নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ অভিযোগত নিলম্বন কৰা হয় । দেশত চলি থকা লক ডাউনৰ মাজতে শনিবাৰে দিল্লীৰত বহি ৰাজ্যৰ শ্ৰমিক সকলে নিজ নিজ ৰাজ্যলৈ উভতিবলৈ বাছ বিছাৰি ব্যাপক জনসমাগমৰ সৃষ্টি কৰিছিল । এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে আৰু তেনে পৰিস্থিতি সম্পৰ্কে কোনো পূৰ্ব পৰিকল্পনা কৰাত ব্যৰ্থ হোৱা বাবে নিলম্বিত হয় বিষয়া দুগৰাকী । ইয়াৰ ওপৰিও আন দুগৰাকী বিষয়াৰ ওপৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

চৰকাৰে প্ৰেৰণ কৰা নেৰ্দেশনাটো...

দিল্লীৰ পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্যসচিব আৰু বিত্ত বিভাগৰ মহাসচিবক বৰ্খাস্ত কৰা হয় আৰু গৃহ সচিব আৰু চিলামপুৰৰ উপ খণ্ড দণ্ডাধিশলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয় ।

1988 বেট্চৰ আই এ এচ বিষয়া ৰেণু শৰ্মা পৰিবহণ বিভাগত অতিৰিক্ত মুখ্যসচিব হিচাপে নিযুক্ত হৈ আছিল আৰু ৰাজিব বাৰ্মা, 1992 বেট্চৰ আই এ এচ বিষয়া, তেওঁ বিত্ত বিভাগৰ মূখ্যসচিব পদত নিয়োজিত আছিল ।

কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে দেশত বলবৎ হৈ থকা লক ডাউনৰ সময়চোয়াত দেশৰ ৰাজধানী দিল্লীত বাছ বিছাৰি অগণন লোকে ভিৰ কৰিছিল । ইয়াৰ বাবে চৰকাৰে প্ৰশাসনক জগৰীয়া কৰি এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

...view details