অসম

assam

By

Published : Jun 13, 2020, 6:25 PM IST

ETV Bharat / bharat

লাডাখ বিবাদ: ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ

জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলে ভাৰতীয় প্ৰধানমন্ত্ৰীসকলে কৰা চীন ভ্ৰমণক স্মৰণ কৰে । ভাৰতীয় সেনা প্ৰমুখ জেনেৰেল এম এম নৰৱানাই জানিবলৈ দিয়ে যে,চীনৰ সৈতে ভাৰতৰ স্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত হৈ আছে ।

ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ
ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ

নেশ্যনেল ডেস্ক, ১৩ জুন: লাডাখৰ সীমান্তত চলি থকা সীমা বিবাদৰ মাতে শনিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলে ভাৰতীয় প্ৰধানমন্ত্ৰীসকলে কৰা চীন ভ্ৰমণক স্মৰণ কৰে । পেটেলে টুইটযোগে সদৰী কৰে যে,চীনে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে । কিন্তু মনত ৰখা উচিত যে,ভাৰতৰ প্ৰায় সংখ্যক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কাৰ্যকালত ইতিমধ্যে বহুবাৰ চীন ভ্ৰমণ কৰি আহিছে । জৱাহৰলাল নেহৰুৱে এবাৰ,ৰাজীৱ গান্ধীয়ে এবাৰ,অটল বিহাৰী বাজপেয়ীয়ে এবাৰ,ড০ মনমোহন সিঙে ২ বাৰ,প্ৰধানমন্ত্ৰী মোদীয়ে ৯ বাৰ (প্ৰধানমন্ত্ৰীৰূপে ৫ বাৰ আৰু মুখ্যমন্ত্ৰীৰূপে ৪ বাৰ) চীন ভ্ৰমণ কৰি আহিছে ।

ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ

ইফালে ভাৰতীয় সেনা প্ৰমুখ জেনেৰেল এম এম নৰৱানাই জানিবলৈ দিয়ে যে,চীনৰ সৈতে ভাৰতৰ স্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত হৈ আছে । পূৱ লাডাখত হোৱা বিবাদৰ ক্ষেত্ৰত ভাৰত-চীনৰ সেনাৰ মাজত শুকুৰবাৰে বাৰ্তালাপ হয় । ভাৰত-চীনৰ বিভিন্ন দিশত দুয়ো পক্ষৰ সেনাই আলোচনাত মিলিত হ'ব বুলি ভাৰতীয় সেনাৰ সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ছবি আঁকি সমাদৰ লাভ কৰিছে বাবলিয়ে

ABOUT THE AUTHOR

...view details