নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : উন্নাও ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত বিজেপি বিধায়ক কুলদীপ সিং ছেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিল্লীৰ তিছ হাজাৰী আদালতৰ ৷ ইয়াৰোপৰি, ছেংগাৰক বিজেপিৰ পৰা বহিস্কৃত কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালক 25 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আদালতে ৷
উল্লেখ্য যে, দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাচতে জিলা আদালতৰ ন্যায়াধীশ ধৰ্মেশ কুমাৰ শৰ্মাই 2 বজা পৰ্যন্ত ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷ 2017 চনত উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী নাবালিকাৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত আছিল ছেংগাৰ ৷