অসম

assam

ETV Bharat / bharat

শীঘ্ৰে "wait and watch" নীতি এৰি চলিব শিৱ সেনাই: সঞ্জয় ৰাৱত - বিজেপি

নবেম্বৰৰ 7 তাৰিখৰ ভিতৰত ৰাজ্যখনৰ ৰাজনৈতিক অন্তঃকণ্ডল সাম নাকাতিলে ৰাজ্যখনত বলবৎ কৰা হৰ ৰাষ্ট্ৰপতি শাসন ৷ মুংগান্তিৱাৰৰ এই মন্তব্যক উভতি ধৰি শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱতে কয় যে বিজেপি নেতাগৰাকীৰ এই মন্তব্যয়ে নিৰ্বাচিত বিধায়ৰ সকলৰ নিৰ্বাচনৰ এপৰত প্ৰশ্ন উতিথাপন কৰিছে ৷ তেঁও লগতে কয় যে এনে ধৰণৰ মন্তব্যয়ে ৰাইজৰ সিদ্ধান্তক অসন্মান কৰা বুজাই ৷ তেঁও আৰু কয় যে বিজেপি য়ে যদি ক্ষমতালৈ আহিবলে ৰাষ্ট্ৰপতি শাসনৰ ব্যৱহাৰ কৰে তেনেহলে তেনে এখন চৰকাৰক ৰাইজে গুৰুত্ব নিদিব ৷

"wait and watch" নীতি এৰি চলিব শিৱ সেনা

By

Published : Nov 2, 2019, 11:20 PM IST

নেশ্ব্যনেল ডেস্ক, 2 নৱেম্বৰ:শিঘ্ৰে "wait and watch" নীতি বাদ দিয়াৰ হুংকাৰ দিছে শিৱ সেনায়ে ৷ সুধিৰ মুংগান্তিৱাৰৰ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ হুংকাৰ দিয়াৰ পিছতে এই মন্তব্য কৰে শিৱ সেনায়ে ৷ সুধিৰ মুংগান্তিৱাৰে কয় যে, 7 নবেম্বৰৰ ভিতৰত ৰাজ্যখনৰ ৰাজনৈতিক অন্তঃকণ্ডল সাম নাকাটিলে ৰাজ্যখনত বলবৎ কৰা হ'ব ৰাষ্ট্ৰপতি শাসন ৷ মুংগান্তিৱাৰৰ এই মন্তব্যক উভতি ধৰি শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱতে কয় যে, বিজেপি নেতাগৰাকীৰ এই মন্তব্যয়ে নিৰ্বাচিত বিধায়ক সকলৰ নিৰ্বাচনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷

তেঁও লগতে কয় যে, এনে ধৰণৰ মন্তব্যই ৰাইজৰ সিদ্ধান্তক অসন্মান কৰা বুজাই ৷ তেঁও আৰু কয় যে, বিজেপিয়ে যদি ক্ষমতালৈ আহিবলৈ ৰাষ্ট্ৰপতি শাসনৰ ব্যৱহাৰ কৰে তেনেহলে তেনে এখন চৰকাৰক ৰাইজে গুৰুত্ব নিদিব ৷

"wait and watch" নীতি এৰি চলিব শিৱ সেনা

উল্লেখযোগ্য যে, বুধবাৰে মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলে মুম্বাইত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছক দলৰ নেতৃত্বৰ দায়িত্ব অৰ্পন কৰিছিল ৷ মহাৰাষ্ট্ৰত বৰ্তমান মুখ্যমন্ত্ৰীৰ পদক লৈ অৰিয়া-অৰি চলি থকাৰ সময়তে ফাড়নাৱিছে মন্তব্য কৰে যে, "মই অমিত শ্বাহৰ সৈতে নিশ্চিত হৈছো যে, মুখ্যমন্ত্ৰী পদত প্ৰতিটো দলে (বিজেপি আৰু শিৱসেনা) 2 বছৰ 6 মাহৰ বাবে দায়িত্ব লাভ কৰিব বুলি লোকসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁট গঠন কৰোতে বিজেপিয়ে কোনো নিশ্চিতি প্ৰদান কৰা নাছিল ৷"

লগতে পঢ়ক: বিলাসীপাৰাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

ABOUT THE AUTHOR

...view details