অসম

assam

ETV Bharat / bharat

প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্ম নিৰ্ভৰশীলতা

২০১৪ চনলৈকে ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগে ২১০ খন অনুজ্ঞাপত্ৰহে জাৰি কৰিছিল ৷ কিন্তু বিগত পাঁচ বছৰত এই সংখ্যা বৃদ্ধি হৈ ৪৬০ খন হয়গৈ ৷ অস্ত্ৰ ক্ৰয় কৰা দেশসমূহৰ তালিকাত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত অৱস্থান কৰা দেশ ভাৰতবৰ্ষই অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ তালিকাত ২৩ নং স্থানতহে অৱস্থান কৰে ৷ এই লজ্জাজনক স্থিতিৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশ হিচাপে প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি নীতি ২০২০ ৰ খছৰাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷

SELF-RELIANCE FOR INDIA IN DEFENSE PRODUCTION
প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্ম নিৰ্ভৰশীলতা

By

Published : Oct 13, 2020, 8:02 AM IST

Updated : Oct 13, 2020, 11:07 AM IST

নিউজ ডেস্ক,13 অক্টোবৰ: ২০০৪ চনত প্ৰতিৰক্ষা বিভাগত ভাৰতবৰ্ষই কৰা ৰপ্তানিকৃত সামগ্ৰীৰ মূল্য আছিল প্ৰায় দুই হাজাৰ কোটি টকা ৷ কিন্তু বিগত ২ বছৰত আমাৰ তৰফৰ পৰা ১৭ হাজাৰ কোটি টকাৰ মূল্যৰ বিভিন্ন প্ৰতিৰক্ষা সজুলি ৰপ্তানি কৰা হৈছে ৷ যোৱা ফেব্ৰুৱাৰী মাহত লক্ষ্নৌত “ডিফেন্স এক্সপো” উন্মোচন কৰাৰ মুহূৰ্ত্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশে অনাগত পাঁচটা বৰ্ষৰ ভিতৰত এই প্ৰতিৰক্ষামূলক সজুলি ৰপ্তানিৰ মূল্য ৩৫ হাজাৰ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে অলপতে এই লক্ষ্যক পুনৰায় সুনিশ্চিতি প্ৰদান কৰিছে আৰু প্ৰতিৰক্ষা বিভাগত প্ৰত্যক্ষ বিদেশী বিনিয়োগক (এফ ডি আই) আকৰ্ষণ কৰিবলৈ কেইবাটাও বিধানৰ ব্যৱস্থা কৰিছে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (এম অ’ ডি) ৭৫ খন দেশৰ দুশজন ৰাষ্ট্ৰদূতক লৈ এখন ভাৰ্ছুৱেল সন্মিলনো আয়োজিত কৰিছিল ৷ ভাৰতবৰ্ষই ৰাছিয়া, জাপান, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিভিন্ন উচ্চপ্ৰযুক্তি সম্পন্ন সামৰিক সা-সৰঞ্জাম আমদানি কৰে ৷ ২০১৪ চনত প্ৰধান মন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচতেই প্ৰতিৰক্ষা বিভাগত সংস্কাৰৰ ঘোষণা কৰিছিল আৰু এই ঘোষণা অনুযায়ী ভাৰতবৰ্ষৰ খুছুৰা যন্ত্ৰাংশ, বিভিন্ন উপাদান তথা ছাবছিষ্টেমৰ ঘৰুৱা উৎপাদনক সক্ষম কৰি তুলিব ৷

প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্ম নিৰ্ভৰশীলতা

২০১৪ চনলৈকে ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগে ২১০ খন অনুজ্ঞাপত্ৰহে জাৰি কৰিছিল ৷ কিন্তু বিগত পাঁচ বছৰত এই সংখ্যা বৃদ্ধি হৈ ৪৬০ খন হয়গৈ ৷ অস্ত্ৰ ক্ৰয় কৰা দেশসমূহৰ তালিকাত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত অৱস্থান কৰা দেশ ভাৰতবৰ্ষই অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ তালিকাত ২৩ নং স্থানতহে অৱস্থান কৰে ৷ এই লজ্জাজনক স্থিতিৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশ হিচাপে প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি নীতি ২০২০ ৰ খছৰাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷ মহামাৰীৰ প্ৰকোপ শেষ হোৱাৰ পৰৱৰ্ত্তী পৰ্যায়ত “মেক ইন ইণ্ডিয়া” উদ্যোগটিক আৰু অধিক সজীৱ কৰি তুলিব লাগিব ৷ সামৰিকভাৱে আত্মনিৰ্ভৰ হ’বলৈ হ’লে কেন্দ্ৰই উচ্চ মানদণ্ডৰ প্ৰতিৰক্ষা সজুলি উৎপাদনত বিশেষভাৱে গুৰুত্ব দিব লাগিব ৷

বিদেশী বিনিয়োগক আকৰ্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে প্ৰতিৰক্ষা বিভাগত স্বয়ংক্ৰীয় মাৰ্গৰ অধীনত ৭৪ শতাংশ এফ ডি আইৰ অনুমোদন কৰিছে ৷ মাৰ্ছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা ক্ৰয় প্ৰক্ৰিয়াৰ খছৰা উন্মোচন কৰে ৷ য’ত এক নতুন ধাৰাৰ সংযোজনৰ যোগেদি যুদ্ধ জাহাজ আৰু যাতায়ত বিমানৰ দৰে উপকৰণ বন্ধকি দিয়াৰ অনুমতি দিয়া হয় ৷ আত্ম নিৰ্ভৰ ভাৰতক উদগনি দিবলৈ প্ৰতিৰক্ষা বিভাগে ১০১ বিধ সামগ্ৰী আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই নিষেধাজ্ঞা ক্ৰমান্বয়ে ২০২০ আৰু ২০২৪ চনৰ ভিতৰত ৰূপায়ন কৰিবলৈ পৰিকল্পনা কৰা হৈছে ৷ বৰ্তমানলৈকে কেইবাটাও গোলা বাৰুদ নিৰ্মাণ কাৰখানা, চৰকাৰী প্ৰতিৰক্ষা সংস্থাসমূহ আৰু ডি আৰ ডি অ’ৰ প্ৰয়োগশালাবোৰে খুব সামান্য পৰিমাণেহে চাহিদা পূৰণ কৰিব পাৰিছে ৷ ১৯৯২ চনত তৎকালিন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈজ্ঞানিক উপদেষ্টা ড° এ পি জে আব্দুল কালামৰ অধীনত এক দহ বছৰীয়া স্ব-নিৰ্ভৰশীল যোজনা তৈয়াৰ কৰা হৈছিল ৷

ড° কালামে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা উৎপদানক বিকাশৰ বাবে কেইবাটাও প্ৰমূখ পৰামৰ্শ আগবঢ়াইছিল ৷ কিন্তু পৰৱৰ্ত্তী চৰকাৰ সমূহে এই দিশটো আওকান কৰি চলিলে ৷ কোনোদিন নোহোৱাতকৈ লাগিলে পলমকৈয়ে হওক… কেন্দ্ৰই প্ৰভাৱশালী কৌশল প্ৰয়োগ কৰি প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত অভূতপূৰ্ৱ ৰূপত আগুৱাব লাগিব ৷ চৰকাৰে “ইজ অৱ ডুইং বিজনেছ”ৰ সূচকাংক উন্নত কৰি আৰু আমোলাতন্ত্ৰৰ মেৰপাকবোৰ আঁতৰাই বৈদেশিক বিনিয়োগ বৃদ্ধি কৰিব পাৰে ৷ এই পথেৰে আগুৱালেই ভাৰতবৰ্ষই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হোৱাৰ সপোনটো দিঠকত পৰিণত কৰিব পাৰিব ৷

Last Updated : Oct 13, 2020, 11:07 AM IST

ABOUT THE AUTHOR

...view details