অসম

assam

ETV Bharat / bharat

অয্যোধা গোচৰৰ ৰায়দান : অয্যোধাত কটকটীয়া নিৰাপত্তা - অয্যোধাত কটকটীয়া নিৰাপত্তা

মাজত আৰু কিছু সময় কিছু সময়ৰ পাছতে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিব বহু প্ৰতীক্ষিত অয্যোধা গোচৰৰ ৰায়দান ৷

আজি অয্যোধা গোচৰৰ ৰায়দান : অয্যোধাত কটকটীয়া নিৰাপত্তা

By

Published : Nov 9, 2019, 11:10 AM IST

Updated : Nov 9, 2019, 12:37 PM IST

নতুন দিল্লী, 9 নৱেম্বৰ: অযোধ্যাৰ বাবৰি মছজিদ আৰু ৰাম মন্দিৰ গোচৰৰ ৰায়দানক লৈ অযোধ্যা চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে উত্তৰ প্ৰদেশ প্ৰশাসনে ৷ লগতে ৰাজ্যখনৰ 31 খন জিলাতো বৃহৎ হাৰত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী ৷ ৰাজ্যখনৰ প্ৰত্যেকখন জিলাতে প্ৰশাসনে ইতিমধ্যে অস্থায়ী কাৰাগাৰ গঢ়ি তুলিছে লগতে কেইবাখনো জিলাত উৰা বাতৰি ৰোধ কৰিবৰ বাবে ইন্টাৰনেট সেৱা ব্যাহত কৰা হৈছে ৷ বিবাদমান গোচৰৰ ৰায়দানৰ পাছত হ'ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে ইতিমধ্যে প্ৰত্যক্ষ সংযোগ ৰখাৰ লগতে ৰাজ্যখনৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 4000 অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰিছে ৷

সমগ্ৰ উত্তৰ প্ৰদেশত ছ'চিয়েল মিডিয়াত নিৰীক্ষণৰ বাবে 670 জন লোক নিয়োগ কৰা হৈছে আৰু তেওঁলোকে উৰা বাতৰি ৰোধৰ বাবে বিশেষ সৰ্তকতা অৱলম্বন কৰিছে ৷ প্ৰয়োজনত অস্থায়ীভাৱে ইন্টাৰনেট সেৱা বন্ধ কৰা হ'ব বুলি জানিবলৈ দিয়ে এজন বিষয়াই ৷

উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ 31 খন জিলাক সংবেদনশীল জিলা হিচাপে চিনাক্ত কৰিছে লগতে 144 ধাৰা জাৰি কৰা হৈছে ৷ অঞ্চলসমূহত পাচজনতকৈ অধিক মানুহৰ একেলগে গোট খোৱা নিষেধ ঘোষণা কৰা হৈছে ৷

আৰু পঢ়ক: 9 নৱেম্বৰত অযোধ্যা ভূমি বিবাদৰ শুনানি

Last Updated : Nov 9, 2019, 12:37 PM IST

ABOUT THE AUTHOR

...view details