নিউজ ডেস্ক, 23 আগষ্ট : চোৰাংচোৱাৰ তথ্যৰ পাচতেই তামিলনাডুত হাই এলাৰ্ট জাৰি ৷ লস্কৰ-ই-তৈবাৰ কেইবাজনো সদস্য ৰাজ্যখনত অনুপ্ৰৱেশৰ সন্দেহ ৷ চোৰাংচোৱা বিভাগে প্ৰেৰণ কৰা তথ্য অনুসৰি শ্ৰীলংকাৰ সামুদ্ৰিক পথেদি মৌলবাদী সংগঠনটোৰ প্ৰায় ছয়জনকৈ সদস্যই ভাৰত প্ৰৱেশ কৰিছে আৰু তামিলনাডুৰ কোইম্বাটুৰসহ আন আন স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷ চোৰাংচোৱাৰ এনে তথ্যৰ পাচতেই ৰাজ্যখনত সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন ৷ বিশেষকৈ গণেশ চতুৰ্থীৰ সময়ছোৱাত যাতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে বিমান বন্দৰ,ৰেলষ্টেচন বাছ আস্থানৰ লগতে বিভিন্ন পূজা মণ্ডপ সমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷
চোৰাং চোৱাৰ প্ৰতিবেদনৰ পাচতেই তামিলনাডুত হাইএলাৰ্ট জাৰি - কোইম্বাটুৰ
চোৰাংচোৱা বিভাগৰ তথ্যৰ পাচতেই তামিলনাডুত হাই এলাৰ্ট জাৰি ৷ তথ্য অনুসৰি শ্ৰীলংকাৰ সামুদ্ৰিক পথেদি ছয়জনকৈ উগ্ৰপন্থীৰ ভাৰতত প্ৰৱেশৰ সন্দেহ ৷ কোইম্বাটুৰৰ সকলো স্থানতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷
চোৰাং চোৱাৰ প্ৰতিবেদনৰ পাচতেই তামিলনাডুত হাইএলাৰ্ট জাৰি
ইপিনে, কোইম্বাটুৰত সকলো স্থানত আৰক্ষীয়ে চলাইছে তালাচী অভিযান ৷ বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলৰ পৰা অহা যোৱা কৰা প্ৰত্যেকখন বাহনৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ন দৃষ্টি নিক্ষেপ কৰিছে ৷ অনুপ্ৰেৱশকাৰী সকলৰ এজন ব্যক্তি পাকিস্তানৰ বুলি সন্দেহ কৰিছে চোৰাংচোৱা বিভাগে ৷