নেশ্যনেল ডেস্ক, 24 জুন : 23 জুনৰ দিনা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ চুৰানকোট অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ ৷ সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত উদ্ধাৰ হয় এই অস্ত্ৰ-শস্ত্ৰসমূহ ৷
আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি,এটা UBGL পিষ্টল আৰু 212 ৰাউণ্ড গুলী উদ্ধাৰ কৰা হয় ভাৰতীয় সেনা আৰু বিশেষ অভিযানকাৰী দলৰ (SOG) অভিযানত ৷ মঙলবাৰে শ্ৰীনগৰৰ হাৰনানতো বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সুৰক্ষা বাহিনীৰ জোৱানে ৷