নেশ্যনেল ডেস্ক, 29 অক্টোবৰ:অস্ত্ৰ-শস্ত্ৰ, নগদ ধন আৰু গুৰুত্বপূৰ্ণ নথিৰে সৈতে দুজন এনএছচিএন (আইএম) কেডাৰক কৰায়ত্ত ৷ আৰক্ষী প্ৰতিনিধিৰ সৈতে চলোৱা এক অভিযানত নিৰাপত্তা বাহিনীয়ে কেডাৰ দুজনক কৰায়ত্ত কৰে ৷ 27 অক্টোবৰত নিৰাপত্তা বাহিনীয়ে বিশেষ তথ্যৰ ওপৰত ভিত্তি কৰি কেডাৰ দুজনক কৰায়ত্ত কৰাত সক্ষম হয় ৷
বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু নগদ ধনসহ আটক এনএছচিএনৰ কেডাৰ - two cadres of nscn
এনএছচিএন (আইএম) ৰ দুজন কেডাৰক কৰায়ত্ত নিৰাপত্তা বাহিনীৰ ৷ আৰক্ষী প্ৰতিনিধিৰ সৈতে নিৰাপত্তা বাহিনীয়ে চলোৱা এক অভিযানত ২৭ অক্টোবৰত এনএছচিএন কেডাৰ দুজনক কৰায়ত্ত কৰা হয় ৷
![বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু নগদ ধনসহ আটক এনএছচিএনৰ কেডাৰ এনএছচিএন ৰ দুজন কেডাৰক কৰায়ত্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9358699-thumbnail-3x2-nscn.jpg)
এনএছচিএন ৰ দুজন কেডাৰক কৰায়ত্ত
জানিব পৰা মতে , নিৰ্দিষ্ট তথ্যৰ আধাৰত নিৰাপত্তা বাহিনীয়ে আৰক্ষী প্ৰতিনিধিৰ সৈতে এক অভিযান আৰম্ভ কৰি এনএছচিএন (আই এম) কেডাৰ দুজনক কৰায়ত্ব কৰাৰ লগতে লগতে মেগজিনৰ সৈতে এটা 7.65 পইন্ট 32 এমএম ৰ কাৰ্বাইন , 32 এমএমৰ পিষ্টল, গুলী , তিনিটা ম’বাইল, এখন ছুৰী, দূৰবিন , সোণ আৰু নগদ ধনসহ পৰিচয় পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অধিক তদন্তৰ বাবে উদ্ধাৰ হোৱা সামগ্ৰীসহ কেডাৰ দুজনক চুমুকেডিমা আৰক্ষী থানাত গটাই দিয়া হৈছে ৷