নেশ্যনেল ডেক্স,14 আগষ্টঃ 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখিয়ে দিল্লী এন চি আৰৰ লগতে ইয়াৰ সীমান্তৱৰ্তী অঞ্চসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ইয়াৰ উপৰিও এন এছ জি, এছ পি জি আৰু আই টি বি পি এজেঞ্চিসমূহকো হাই এলাৰ্টত ৰখা হৈছে ৷
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ‘নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আটাইকেইটা এজেঞ্চিয়ে একত্ৰিতভাৱে কাম কৰিব ৷ ইয়াৰ উপৰিও ঠায়ে ঠায়ে SWAT দল আৰু পৰাক্ৰম ভেনসমূহো স্থাপন কৰা হৈছে ৷ আনহাতে, ৰাজধানীত সাধাৰণ পোছাকত আৰক্ষীয়ে পহৰা দি থাকিব ৷’
সমগ্ৰ ৰাজধানীতে 45 হাজাৰতৈও অধিক সুৰক্ষাবাহিনীৰ লোক মোতায়ন কৰা হৈছে ৷ ইয়াৰ উপৰিও লাল কিলাৰ 5 কিলোমিটাৰৰ অন্তৰ্ভূক্ত নিৰ্দিষ্ট কিছুমান ঠাইত 2,000ত কৈও অধিক স্নিপাৰ নিযুক্ত কৰা হৈছে ৷ লাল কিলাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি ভৱনতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷