অতি স্পৰ্শকাতৰ অযোধ্যা গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পাছত দেশত ধৰ্ম নিৰপেক্ষতাবাদ শক্তিশালী হৈ পৰিবনে ? অবিশ্বাস আৰু ভুল বুজাবুজিৰে পূৰ্ণ তিনি দশকৰ ইতিহাস অতীত হৈ পৰিবনে ? অনাগত দিনত ৰাজনৈতিক দল আৰু সংগঠনসমূহে ধৰ্মীয় স্থানকলৈ যুগে যুগে চলি অহা সংঘাতত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব জানো ?
উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছত দুয়োপক্ষৰ ফালৰ পৰা কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ নকৰাৰ পাছত এই প্ৰশ্নসমূহ জনসাধাৰণৰ মনত উদয় হৈছে ।
উচ্চতম ন্যায়ালয়ে ১১০০ পৃষ্ঠাজোৰা ৰায়ত ধৰ্ম নিৰপেক্ষতা সম্পৰ্কে বহু কথাই উল্লেখ কৰিছে । ভৱিষ্যতে যাতে ধৰ্মীয় স্থানকলৈ কোনোধৰণৰ বিবাদ নহয় তাৰ বাবে ন্যায়ালয়ে বহু প্ৰশ্নৰ স্পষ্ট উত্তৰ প্ৰদান কৰিছে । অন্য ধৰ্মৰ বেদখল বা মধ্য যুগত সংঘটিত কোনো অন্যায়ৰ গইনা লৈ হিংসাত্মক কাৰ্য সংঘটিত কৰাটো এই ৰায়ৰ জৰিয়তে বেআইনী ঘোষণা কৰা হৈছে ।
উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ ধ্বংসৰ ঘটনাক বেআইনী হিচাপে গ্ৰহণ কৰাৰ লগতে সাময়িক পৰিকল্পনা বুলি মানি লোৱাত অগ্ৰাহ্য কৰে । গোচৰসমূহ ন্যায়ালয়ত চলি থকাৰ সময়তে ৪৫০ বছৰ পূৰ্বে নিৰ্মিত উপাসনাস্থলীৰ পৰা উচ্ছেদ কৰাটো বলপূৰ্বক বুলি ন্যায়ালয়ে গণ্য কৰে । সকলোকে সমতাৰে ন্যায় দিয়াৰ বাবে দায়বদ্ধ ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ এখন দেশত এনেধৰণৰ কাণ্ড গ্ৰহণযোগ্য নহয় বুলি ৰায়দানত উল্লেখ কৰা হৈছে । যাৰ ফলত ৰায়দানত ন্যায়ালয়ে কৈছে যে, এক বিকল্প ভূমি প্ৰদান নকৰালৈকে ন্যায় প্ৰদান কৰা বুলি ধৰিব নোৱাৰি ।
দেশত এনেসংখ্যক কিছুলোক আছে যিসকলে ধৰ্ম নিৰপেক্ষতাবাদৰ ধাৰণাৰ পশ্চিমৰ পৰা আমদানি কৰা বুলি কৈ অৱজ্ঞা কৰিব খোজে । ১৯২০ চনৰ পৰাই এনেধৰণৰ অস্বাভাৱিক বিতৰ্ক চলি আহিছে যে যিসকলে নিজৰ দেশক কৰ্মস্থলী বা উপাসনাস্থলী হিচাপে ভাবিব নোৱাৰে তেওঁলোকে দেশৰ বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰে আৰু তেনেধৰণৰ লোক ৰাষ্ট্ৰীয় সংস্কৃতিৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে ।
বিগত তিনি দশকত এই ধাৰণা অধিক শক্তিশালী হৈ উঠিছে । কিছুমানে ভাবে যে, সংবিধান অনুসৰি জীয়াই থকাটোৱেই যথেষ্ট নহয় । শতিকা প্ৰাচীন সংস্কৃতিৰ দ্বাৰা অনুপ্ৰাণিত নহ'লেও ৰাষ্ট্ৰীয়তাবাদ স্থাপন কৰিব নোৱাৰে বুলি ভবা বুদ্ধিজীৱীৰো অভাৱ নাই ।
ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ পাছত ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাক লৈ বহুল আলোচনা আৰম্ভ হয় । ভুৱা ধৰ্ম নিৰপেক্ষতা শব্দটো ৰাজনীতিত অধিক চৰ্চিত হৈ পৰে ।
ৰায়দানৰ বহু স্থানত উচ্চতম ন্যায়ালয়ে এটা কথা স্পষ্ট কৰি দিছে যে, ১৫০০ বছৰীয়া বিবাদিত ভূমিৰ সিদ্ধান্তক বিশ্বাস আৰু আস্থাই অকল নিৰূপণ কৰিব নোৱাৰে । ন্যায়ালয়ে উল্লেখ কৰা মতে ৰায়দানটো ধৰ্ম নিৰপেক্ষতা, সম ন্যায় আৰু উপযুক্ত সাক্ষ্য প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত । মন্দিৰ-মছজিদৰ সংঘাতে কেৱল দেশখনক ৰাজনৈতিকভাৱেই জোকাৰি যোৱা নাই, বৰঞ্চ ধৰ্ম নিৰপেক্ষতাৰ উঠা-নমাতো ভূমিকা গ্ৰহণ কৰিছে ।
এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই উচ্চতম ন্যায়ালয়ে ধৰ্ম নিৰপেক্ষতা সন্দৰ্ভত এক গভীৰ বিশ্লেষণ আগবঢ়াইছে । ন্যায়ালয়ে ধৰ্ম নিৰপেক্ষতাক ব্যক্তিগত পছন্দ বা আদৰ্শৰ দৃষ্টিকোণেৰে নাচায় । ৰায়ত কোৱা হৈছে যে, ধৰ্মীয় সহিষ্ণুতাই হৈছে ধৰ্ম নিৰপেক্ষতাৰ অনুপ্ৰেৰণা আৰু সাংবিধানিক ব্যৱস্থাৰ অংশ । লগতে ধৰ্ম নিৰপেক্ষতাক সংবিধানৰ ভংগ কৰিব নোৱৰা অংশ বুলিও আখ্যা দিছে উচ্চতম ন্যায়ালয়ে । ন্যায়পালিকা, চৰকাৰ আৰু নাগৰিকে ধৰ্ম নিৰপেক্ষতাৰ নীতি মানি চলিব লাগিব বুলি স্পষ্ট কৰি দিছে ।
বোমানি গোচৰৰ সময়ত ৯ জনীয়া ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠৰ ন্যায়াধীশ জীৱন ৰেড্ডীয়ে ধৰ্ম নিৰপেক্ষতা সন্দৰ্ভত স্পষ্ট ব্যাখ্যা আগবঢ়াইছে । ধৰ্মীয় সংঘাতৰ সময়ত এক নিৰপেক্ষ অৱস্থানকে ধৰ্ম নিৰপেক্ষতা কোৱা নহয় বুলি তেওঁ উল্লেখ কৰিছিল । অযোধ্যা ৰায়দানৰ সময়ত জীৱন ৰেড্ডীৰ এই উক্তিক স্মৰণ কৰি উচ্চতম ন্যায়ালয়ে কৈছিল যে ধৰ্ম নিৰপেক্ষতাই আমি উপনীত হ’বলগীয়া সৰ্বোচ্চ লক্ষ্য আৰু ই ভাৰতীয় সংবিধানৰ অবিচ্ছেদ্য অংগ ।
ভৱিষ্যতে ধৰ্মীয় উপাসনাস্থলীক লৈ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে কেইবাবাৰো উপাসনাস্থলী আইন ১৯৯১ ৰ বিষয়ে উল্লেখ কৰিছে । ১৯৪৭ চনৰ ১৫ আগষ্টত অস্তিত্ব থকা কোনো উপাসনাস্থলীকে পৰিৱৰ্তন কৰাত বাধা আৰোপ কৰিবলৈ এই আইন প্ৰৱৰ্তন কৰা হৈছিল । যদি কোনোবাই তেওঁলোকৰ উপাসনাস্থলীত আন ধৰ্মৰ লোকে বেদখল কৰিছে বুলি কৈ শাস্তি বিচাৰে তেওঁলোকক এই আইনৰ অধীনত শাস্তিৰ যোগ্য ।