অসম

assam

By

Published : Jan 1, 2021, 6:13 PM IST

ETV Bharat / bharat

Covishield-ৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ

শুকুৰবাৰে সূত্ৰই প্ৰকাশ কৰা মতে, SEC ক Covishield ৰ অনুমোদনৰ বাবে ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷

Covishieldৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ
Covishieldৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী: PTI এ প্ৰকাশ কৰা তথ্য অনুসৰি, Central Drugs Standard Control Organisation (CDSCO) ৰ বিশেষজ্ঞৰ দলে Oxford COVID-19 প্ৰতিষেধক Covishield ক আপাতকালীন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰিছে, যিটো Serum Institute of India ৰ দ্বাৰা উৎপাদিত ৷ শুকুৰবাৰে সূত্ৰই প্ৰকাশ কৰা মতে, SEC ক Covishield ৰ অনুমোদনৰ বাবে ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷

Serum Institute of India হৈছে Oxford and AstraZeneca ৰ উৎপাদনৰ অংশীদাৰ ৷ SEC এ SII আৰু ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত অতিৰিক্তি ডাটা আৰু তথ্যক বিশ্লেষণ কৰিছে ৷

SII এ প্ৰথমটো টীকাৰ প্ৰায় 50 মিলিয়ন ড'জ উৎপাদন কৰে আৰু 2021 চনৰ মাৰ্চলৈ ইয়াৰ পৰিমাণ 100 মিলিয়নলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৷ পুণেস্থিত প্ৰতিষ্ঠানে কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াক আবেদন প্ৰদান কৰিছে, যিটোৱে দেশত COVID-19 প্ৰতিষেধকৰ আপাতকালীন ব্যৱহাৰৰ প্ৰাধিকৰণৰ বাবে আহ্বান কৰিছে ৷ SII এ চৰকাৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ ভিন্ন প্ৰান্তত ভিন্ন ব্যয় মানেৰে প্ৰতিষেধক সৰবৰাহ কৰিব ৷

লগতে পঢ়ক:মাঙ্গালোৰৰ সমুদ্ৰতীৰ পৰিষ্কাৰ কৰিলে এগৰাকী বিদেশী মহিলাই

For All Latest Updates

ABOUT THE AUTHOR

...view details