অসম

assam

ETV Bharat / bharat

প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে AN 32ৰ উদ্ধাৰ অভিযানত - তেজপুৰ

ইচৰ'ৰ নৌবিভাগৰ উন্নত জাহাজে আহৰণ কৰা তথ্য অনুসৰি চিয়াঙৰ এক দুৰ্গম স্থানত বিমান খনৰ সন্ধান পোৱা বুলি বায়ুসেনাক অবগত কৰিছে আৰু এই তথ্য ভিত্তিতে অভিযান অব্যাহত আছে ৷ বায়ুসেনাৰ ইষ্টান এয়াৰ কামাণ্ডৰ এ অ চি ইন চি আৰ ডি মাথুৰে যোৰহাটত অপেক্ষাৰত থকা পৰিয়ালৰ লোকসকলৰ লগত আলোচনাত মিলিত হৈছে ৷প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পৰিয়াল বৰ্গৰ লগতে উদ্ধাৰ অভিযানৰ বৃহস্পতিবাৰে বুজ লয় ৷

ETV BHARAT

By

Published : Jun 7, 2019, 9:51 PM IST

Updated : Jun 7, 2019, 11:18 PM IST

তেজপুৰ,7 জুন : যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ বুলি উৰা মৰা ভাৰতীয় বায়ু সেনাৰ AN 32 বিমানখনৰ উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি কৰিছে প্ৰতিকূল বতৰে ৷ দুপৰীয়া পৰ্যন্ত কোনো সুং-সূত্ৰ লাভ কৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে ৷নিশা তেজপুৰৰ পৰা দুখন চুখয় SU-30 MKI, এখন C-130J বিমানেৰে অব্যাহত ৰাখিব অভিযান৷

প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে AN 32ৰ উদ্ধাৰ অভিযানত

চাৰিখন MI-17 আৰু সেনাবাহিনীৰ UAV ৷ য়ে পুৱাৰ ভাগত অভিযান আৰম্ভ কৰাৰ পাচত প্ৰতিকূল বতৰৰ বাবে অভিযান বন্ধ ৰাখিবলগীয়া হৈছিল ৷ ইতিমধ্যে সকলো চেঞ্চৰ ,ৰাডাৰ , ছেটেলাইটৰ জৰিয়তে আহৰণ কৰা তথ্য সমূহ স্কেন কৰিছে বুলি জনাইছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷সেনাবাহিনী, আই টি বি পি, এচ এচ বি, অৰুণাচল প্ৰশাসন আৰু স্থানীয় লোকে স্থলপথৰে বিমানখনৰ অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ 13 গৰাকী বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল আৰু দিনৰ প্ৰায় 12:25 মিনিটত যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰা মাৰে ৷ উৰা মৰাৰ 35 মিনিট পাচতে অৰ্থাৎ 1 বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল বিমানখনৰ ৷

উল্লেযোগ্য যে , ইচৰ'ৰ নৌবিভাগৰ উন্নত জাহাজে আহৰণ কৰা তথ্য অনুসৰি চিয়াঙৰ এক দুৰ্গম স্থানত বিমান খনৰ সন্ধান পোৱা বুলি বায়ুসেনাক অৱগত কৰিছে আৰু এই তথ্য ভিত্তিতে অভিযান অব্যাহত আছে ৷ আনহাতে বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এ অ চি ইন চি আৰ ডি মাথুৰে যোৰহাটত অপেক্ষাৰত থকা পৰিয়ালৰ লোকসকলৰ লগত আলোচনাত মিলিত হয় ৷প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বৃহস্পতিবাৰে পৰিয়াল বৰ্গৰ লগতে উদ্ধাৰ অভিযানৰ বুজ লয় ৷

বিমানখনত থকা মুঠ 4 জন ফ্লাইট লেফ্টেনেন্টৰ ভিতৰত পাঞ্জাবৰ পাটিয়ালাৰ 27 বছৰীয়া মোহিত গাৰ্গো আছিল ,1992 চনত জন্ম গ্ৰহণ কৰা মোহিতৰ পিতৃ আৰু জেষ্ঠ ভাতৃ সুৰিন্দৰপাল গাৰ্গো দিল্লীৰ পৰা বিমানযোগে ডিব্ৰুগড়লৈ আহি বৰ্তমান যোৰহাট বায়ুসেনা চাউনীত বোৱাৰী আস্থাৰ লগত অপেক্ষাৰ ক্ষন গণি আছে ৷ মাতৃয়ে এই মুহূৰ্তলৈকে পুত্ৰ নিখোজ হৈ থকা খবৰ জানিব পৰা নাই ৷

মোহিত গাৰ্গ
Last Updated : Jun 7, 2019, 11:18 PM IST

ABOUT THE AUTHOR

...view details