অসম

assam

ETV Bharat / bharat

দক্ষিণ দিল্লী ৭৭ টা গগনচুম্বী অট্টালিকালৈ জাননী প্ৰেৰণ এছডিএমচিৰ - দিল্লী

ভূমিকম্পৰ স্থিতিশীলতা নিশ্চিত কৰাৰ উদ্দেশ্যৰে দক্ষিণ দিল্লীৰ পৌৰ নিগমে গগনচুম্বী অট্টালিকাসমূহলৈ প্ৰেৰণ কৰিলে জাননী । এই জাননীৰ জৰিয়তে অট্টালিকাসমূহৰ স্বতাধিকাৰী তথা প্ৰতিষ্ঠান সমূহক ভূমিকম্পৰ পৰা সুৰক্ষিত থাকিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সন্দৰ্ভত এটি অডিঅ' ক্লিপ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে দক্ষিণ দিল্লীৰ পৌৰ নিগমে ।

দিল্লী
ভূমিকম্পৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৭৭ টা গগনচুম্বী অট্টালিকালৈ জাননী প্ৰেৰণ এছডিএমচিৰ

By

Published : Jun 29, 2020, 10:31 AM IST

নিউজ ডেস্ক,২৯ জুনঃ দক্ষিণ দিল্লীৰ পৌৰ নিগমে গগনচুম্বী অট্টালিকাসমূহৰ ভূমিকম্পৰ স্থিতিশীলতা নিশ্চিত কৰাৰ উদ্দেশ্যৰে অট্টালিকাসমূহৰ স্বতাধিকাৰী তথা প্ৰতিষ্ঠান সমূহক সুৰক্ষা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ জাননী প্ৰেৰণ কৰে ।

ভূমিকম্পৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৭৭ টা গগনচুম্বী অট্টালিকালৈ জাননী প্ৰেৰণ এছডিএমচিৰ

এই জাননী সন্দৰ্ভত দক্ষিণ দিল্লীৰ পৌৰ নিগমে এক বিবৃতিযোগে কয় যে,পূৰ্বৰ পৰাই ভূমিকম্পৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ ভিত্তিতে সুউচ্চ অট্টালিকাসমূহৰ ভূমিকম্পৰ স্থিতিশীলতা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ।

এই সুউচ্চ অট্টালিকাসমূহৰ ভূমিকম্পৰ স্থিতিশীলতা সুৰক্ষিত কৰাৰ কাৰণে ইতিমধ্যে দক্ষিণ দিল্লীৰ পৌৰ নিগমে অট্টালিকাসমূহ চিনাক্ত কৰাৰ আৰম্ভ কৰিছে আৰু ইয়াৰ সুৰক্ষিত সন্দৰ্ভত অট্টালিকাসমূহৰ স্বতাধিকাৰীসকলে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া তাৰ বাবে এটাকৈ অডিঅ' ৰেকৰ্ডিং দিবলৈ জাননী প্ৰেৰণ কৰে পৌৰ নিগমে । বিদ্যালয় আৰু হাউছিং ছ'চাইটি আৰু বিভিন্ন প্ৰতিষ্ঠানলৈ মুঠ ৭৭ খন জাননী প্ৰেৰণ কৰা হৈছে বুলি সদৰি কৰে এছডিএমচিয়ে ।

ইয়াৰ পূৰ্বে অট্টালিকাসমূহ কিমান শক্তিশালী তথা ভূমিকম্পৰ পৰা সুৰক্ষিত কৰি নিৰ্মাণ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত এজন নিৰ্দেশক নিযুক্ত দিয়া হৈছিল বুলিও সদৰি কৰে দক্ষিণ দিল্লীৰ পৌৰ নিগমে ।

উল্লেখ্য যে, দিল্লীৰ এনচিআৰত বিগত কেইমাহমানৰ পৰা বহু কেইবাৰ ভূমিকম্পৰ জোকাৰণি অনুভব কৰা পাচতে দক্ষিণ দিল্লীৰ পৌৰ নিগমে এই কাম আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে ।

লগতে চাওকঃ এটাও টিভি নথকা গাঁওখন

ABOUT THE AUTHOR

...view details