অসম

assam

ETV Bharat / bharat

তিছ হাজাৰীৰ পিছত কড়কড়ডুমা আদালতৰ সন্মুখত অধিবক্তা আৰু আৰক্ষীৰ মাজত হতাহতি - New Delhi

তিছ হাজাৰী কাণ্ডৰ পিছত কড়কড়ডুমাত অধিবক্তা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ৷ দুয়োপক্ষৰ মাজত সংঘটিত হতাহতিৰ ঘটনা ৷

কড়কড়ডুমাত অধিবক্তা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত

By

Published : Nov 4, 2019, 10:06 PM IST

নেছনেল ডেস্ক,4 নৱেম্বৰঃ তিছ হাজাৰী কৰ্টত কিছুদিন পূৰ্বে অধিবক্তা আৰু আৰক্ষীৰ মাজত সংঘটিত হতাহতিৰ ঘটনাৰ পিছত সোমবাৰে কড়কড়ডুমা আদালতৰ সন্মুখত আন এক সংঘৰ্ষজনিত ঘটনাৰ সূত্ৰপাত ঘটে ৷ আদালতৰ চৌহদত দুজনকৈ আৰক্ষী কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হয় আদালতখনৰ একাংশ অধিবক্তা ৷

জানিব পৰা মতে পুৱাৰে পৰা অধিবক্তাসকলে আদালতখনৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অন্যান্য অধিবক্তা তথা আৰক্ষী কৰ্মীসকলক আদালতৰ ভিতৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল ৷

কড়কড়ডুমাত অধিবক্তা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত

কিন্তু সেইসময়তে এজন আৰক্ষী কৰ্মীয়ে এক গোচৰৰ শুনানিৰ বাবে সাক্ষ্য প্ৰদানৰ বাবে উপস্থিত হোৱাত অধিবক্তাৰ দলটোৱে বাধা প্ৰদান কৰে ৷ ইয়াৰ পাছত আৰক্ষীৰ লোকজনৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ পৰে দলটো ৷ অধিবক্তাৰ দলটো উত্তেজিত হৈ আৰক্ষী কৰ্মীজনক প্ৰহাৰ কৰাও পৰিলক্ষিত হয় ৷

আৰু পঢ়কদিল্লীৰ তিচ হাজাৰী কৰ্ট চৌহদত আৰক্ষী আৰু অধিবক্তাৰ মাজত হতাহতি

ABOUT THE AUTHOR

...view details