কৰ’ণা মহামাৰীয়ে এতিয়াও ভাৰতৰ বহু ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰি আছে ৷ কিন্তু ইয়াৰ মাজতে নাগালেণ্ডৰ নোকলাক জিলা প্ৰশাসনে এক নতুন ৰোগৰ তথ্য সদৰি কৰিছে ৷ জিলাখনত জানুৱাৰীৰ পৰা ‘Scrub Typhus’(স্ক্ৰাৱ টাইফাছ) নামৰ এক নতুন ৰোগত প্ৰায় 618 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 5 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ কিন্তু কি এই নতুন ৰোগ ?
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)ই উল্লেখ কৰা অনুসৰি, Scrub Typhus(স্ক্ৰাৱ টাইফাছ) অথবা bush typhus(বুছ টাইফাছ) হ’ল Orientia tsutsugamushi(ওৰিনছিয়া ছুটছুগামুছী) নামৰ এক বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ ৷ আক্ৰান্ত চিগাৰ (larval mites)এ কামোৰাৰ ফলত সংক্ৰমিত হয় এই ৰোগ ৷ দক্ষিণ-পূৱ এচিয়া, ইণ্ডোনেছিয়া, চীন, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চলৰ গ্ৰামাঞ্চলসমূহত বিশেষকৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে ৷ এই অঞ্চলসমূহত বসবাস কৰা যিকোনো লোক বা ভ্ৰমণসূত্ৰে যোৱা লোকসমূহৰ দেহত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱাৰ সম্ভাৱনা প্ৰৱল ৷
ৰোগৰ লক্ষণসমূহঃ
এই ৰোগৰ লক্ষণসমূহ আক্ৰান্ত হোৱাৰ 10 দিনৰ ভিতৰত দেখিবলৈ পোৱা যায় ৷ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)এ প্ৰাকাশ কৰা অনুসৰি ৰোগবিধৰ কিছু সাধাৰণ লক্ষণ তলত উল্লেখ কৰা হ’লঃ
-জ্বৰ আৰু চৰ্দি
-মুৰৰ বিষ
-গাৰ বিষ আৰু মাংসপেশীৰ বিষ
-চিগাৰ (larval mites)এ কামোৰা অংশত ক’ল পৰি যোৱা
-মানসিক পৰিৱৰ্তন, ৰোগীজন বিভ্ৰান্ত হোৱাৰ পৰা কোমালৈ যোৱাৰ সম্ভাৱনা থাকে
-বৰ্ধিত লিম্ফ নোড্ছ
-খজুৱতি
"কিছু কিছু ক্ষেত্ৰত ৰোগীৰ অংগ বিকল হোৱাৰ উপৰিও ৰক্তক্ষৰণ হোৱাৰো সম্ভাৱনা থাকে ৷"
ৰোগৰ চিনাক্তকৰণঃ
অন্যান্য ৰোগসমূহৰ লক্ষণৰ সৈতে ‘Scrub Typhus’(স্ক্ৰাৱ টাইফাছ) ৰোগৰ সামঞ্জস্য আছে ৷ গতিকে এইক্ষেত্ৰত ইয়াক পৃথকীকৰণ কৰাটো প্ৰায়ে কঠিন ৷ সেয়েহে অতিশীঘ্ৰে এই লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে অথবা তাৎক্ষণিকভাৱে ৰক্ত পৰীক্ষা কৰাব লাগে ৷
চিকিৎসাঃ
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)এ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰদান কৰা উপায়সমূহঃ