নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: দিল্লী সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । কৃষকৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে প্ৰতিবাদ ওৰ পৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ছট্টিশগড়ৰ কংগ্ৰেছ কাৰ্যালয়ৰ বিষয়ববীয়াসকলে মহাৰাষ্ট্ৰৰ সেৱাগ্ৰামৰ গান্ধী আশ্ৰমত অনুষ্ঠিত কৰা তিনিদিনীয়া শিবিৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ।
তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষকে সাব্যস্ত কৰা প্ৰতিবাদ প্ৰসংগত তেওঁ কয় যে , বিমানবন্দৰ, ৰে'ল ষ্টেচন ব্যক্তিগতকৰণ কৰাৰ পিছত এইবাৰ কৃষকৰ ভূমিৰ ওপৰত চকু পৰিছে এন ডি এ চৰকাৰৰ । কিন্তু কৃষকে চৰকাৰৰ এই উদ্দেশ্যৰ কথা বুজি পাইছে আৰু সেইকাৰণে এমাহৰো অধিক দিন ধৰি তেওঁলোকে কষ্টৰ মাজতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । লগতে চৰকাৰে কৃষকৰ প্ৰতিবাদৰ অন্ত পেলাবলৈ হ'লে এই তিনিওখন কৃষি আইন বাতিল কৰিব লাগিব বুলিও মন্তব্য কৰে ।