নিউজ ডেস্ক,18 মাৰ্চঃ নিৰ্বাচন অফিচাৰ এপি সিং মঙলবাৰে খাৰিজ কৰে কংগ্ৰেছ প্ৰাৰ্থী দ্বিগবিজয় সিং আৰু ফুল সিং বৰেয়াই বিজেপিৰ প্ৰাৰ্থী তথা তেওঁৰ প্ৰাক্তন সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সুমেৰ সিং সোলাংকিৰ বিৰুদ্ধে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়নৰ ক্ষেত্ৰত দৰ্শোৱা আপত্তি ৷ শেহতীয়াকৈ মঙলবাৰে নিৰ্বাচন অফিচাৰ এপি সিঙে এই আপত্তি খাৰিজ কৰাত ৰাজ্যসভা নিৰ্বাচন খেলাৰ বাবে পথ প্ৰশস্ত হয় দুয়োগৰাকী নৱাগত বিজেপিৰ ৷
সম্প্ৰতি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ স্থিতি দুৰ্বল হৈ পৰিছে ৷ ইতিমধ্যে আসন্ন পৰাজয়ৰ বাবে যেন সাজু হ'ব লগা হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷ৰাজ্যসভা নিৰ্বাচনৰ ৰিৰ্টাণিং বিষয়া এ পি সিঙে জনায় যে," মই বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীকে পুৱা 10 বজাত মোৰ কাৰ্যালয়লৈ আহিবলৈ কৈছিলো ৷ লগতে কয় যে, " কংগ্ৰেছৰ প্ৰাৰ্থী দ্বিগবিজয় সিং আৰু ফুল সিং বৰেয়াই সোমবাৰে বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সুমেৰ সিং সোলাংকিৰ বিৰুদ্ধে দুয়োৰে মনোনয়ন খাৰিজ কৰিবলৈ লিখিত আপত্তি দাখিল কৰিছিল ৷ "