অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ উৎপত্তি সম্পৰ্কে চলিছে গৱেষণা - কৰ'ণা ভাইৰাছৰ উৎপত্তি

জৈৱিক অস্ত্ৰ আন মানুহে নিৰ্মাণ কৰা এক ভাইৰাছ নে প্ৰাকৃতিকভাৱে উৎপত্তি হৈছিল কৰ'ণা ভাইৰাচৰ ? অচিৰেই গৱেষণাত পোহৰলৈ আহিব এই তথ্য!

কৰ'ণাৰ উৎপত্তি সম্পৰ্কে চলিছে গৱেষণা
কৰ'ণাৰ উৎপত্তি সম্পৰ্কে চলিছে গৱেষণা

By

Published : Mar 28, 2020, 10:20 PM IST

নিউজ ডেস্ক, 28 মাৰ্চঃবৰ্তমান সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কে ভিন্ন জনে ভিন্ন-ভিন্ন মত আগবঢ়াইছে । বৰ্তমান ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এই সমূহ । বহুতে যদি কৈছে এইটো এক জৈৱিক অস্ত্ৰ আন কোনোৰ মতে এইয়া হৈছে মানুহে নিৰ্মাণ কৰা এক ভাইৰাছ ।

সেয়েহে নভেল কৰ'ণা ভাইৰাছৰ উৎপত্তি কেনেদৰে হৈছিল সেই সম্পৰ্কে জনিবলৈ গৱেষণা আগবঢ়াইছিল । এই গৱেষণাৰ ফলস্বৰূপে বৈজ্ঞানিক সকলে আৱিস্কাৰ কৰে এক সৰঞ্জাম। ইয়াৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কে জনাত অধিক সহায়ক হ'ব ।

অতি ক্ষীপ্ৰতাৰে কেনেদৰে এই ভাইৰাছ বিয়পি পৰে তাৰ বিষয়ে অধ্যয়ণ কৰা হ'ব এই সজুলিৰে । 60 পইণ্টৰ ভিতৰত যদি 30 পইণ্টৰ ইংগিত বহন কৰে তেন্তে এইটো প্ৰাকৃতিক কাৰণৰ বাবেই ৰোগটো ক্ষীপ্ৰতাৰে সোচৰে বুলি ধৰা হ'ব বুলি বৈজ্ঞানিকে প্ৰকাশ কৰে ।'

ABOUT THE AUTHOR

...view details