নেশ্যলেন ডেস্ক, 21 মাৰ্চঃদেওবাৰে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনতাক বাদ্য যন্ত্ৰ বজোৱা অথবা হাত চাপৰি মাৰিব দিয়াৰ আঁৰত কোনো বৈজ্ঞানিক যুক্তি আছে বুলি দাবী জনায় বিজেপিৰ মুখপাত্ৰ সুদেশ বাৰ্মাই ৷ তেওঁ কয় যে, শব্দ তৰংগই ভাইৰাছ তথা বেক্টেৰিয়া দূৰ কৰিব পাৰে ৷ বাৰ্মাই নিজেও শংখ বজাই থকা এটা ভিডিঅ' প্ৰকাশ কৰিছে ৷ তেওঁ সকলো নাগৰিককে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধক অনুসৰণ কৰি যিকোনো বাদ্য যন্ত্ৰ বজাবলৈ সকলোকে আহ্বান জনাইছে ৷
আনহাতে বিজেপিৰ আন এজন মুখপাত্ৰ শ্বাহনাৱাজ হুছেইনেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'জনতাৰ সান্ধ্য আইন' কাৰ্যসূচী মানিবলৈ দেশৰ নাগৰিকক আহ্বান জনাই, অতিকৈ জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰ নোলাবলৈ আহ্বান জনাইছে ৷ "আমি সকলোৱে একেলগে কৰ'ণা ভাইৰাছৰ স'তে যুঁজ দিব লাগিব ৷ আমি আশা কৰো যে আমি ইয়াক পৰাস্ত কৰিবলৈ সক্ষম হ'ম" বুলি উল্লেখ কৰে শ্বাহনাৱাজ হুছেইনে ৷