অসম

assam

ETV Bharat / bharat

অযোগ্য বিধায়কক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ - কৰ্ণাটকৰ কংগ্ৰেছ-জে ডি এচ

বুধবাৰে উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ কংগ্ৰেছ-জে ডি এচৰ 17 গৰাকী বিধায়কৰ আবেদন সন্দৰ্ভত প্ৰদান কৰে ৰায়দান ৷ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰৰ নিৰ্দেশনাক বাহাল ৰাখি আটাই কেইগৰাকী বিধায়কক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ ৷

প্ৰতিদ্বন্দিতা কৰাৰ অনুমতি উচ্চমত ন্যয়ালয়ৰ

By

Published : Nov 13, 2019, 1:36 PM IST

Updated : Nov 13, 2019, 3:24 PM IST

নিউজ ডেস্ক, 13 নৱেম্বৰঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ কংগ্ৰেছ-জে ডি এচৰ 17 গৰাকী বিধায়কৰ আবেদন সন্দৰ্ভত ৰায়দান কৰে ৷ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰৰ নিৰ্দেশনাক বাহাল ৰাখি আটাই কেইগৰাকী বিধায়কক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধায়ককেইগৰাকীক অযোগ্য বুলি ঘোষণা কৰিছিল ৷

বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন বি ৰবি,ন্যায়াধীশ সঞ্জীৱ খন্না আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি ৷ 25 অক্টোবৰত সম্পূৰ্ণ কৰা হৈছিল শুনানি প্ৰক্ৰিয়া ৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ দ্বিতীয়টো দিন

25 অক্টোবৰত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণৰ পাচতেই সংৰক্ষণ কৰি ৰাখিছিল ৰায়দান ৷ বিধায়ক কেইজনক অযোগ্য ঘোষণা কৰাৰ পাচতেই ৰাজ্যখনত খালী হৈছিল 15 খনকৈ বিধানসভা সমষ্টিৰ আসন ৷ আটাইকেইখন আসনতে অহা 5 ডিচেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷

Last Updated : Nov 13, 2019, 3:24 PM IST

ABOUT THE AUTHOR

...view details