অসম

assam

By

Published : Jan 6, 2021, 1:35 PM IST

Updated : Jan 6, 2021, 3:22 PM IST

ETV Bharat / bharat

11 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব কৃষক প্ৰতিবাদৰ আবেদনৰ শুনানি

অহা 11 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন আৰু দিল্লী সীমান্তত চলি থকা কৃষক বিদ্ৰোহ সম্বন্ধীয় আবেদনৰ শুনানি ৷ মুখ্য ন্যায়াধীশ এছ এ বোবদেৰ নেতৃত্বত এক বিচাৰপীঠৰ দলে নিৰীক্ষণ কৰি আছে দিল্লী সীমান্তত চলি থকা কৃষক প্ৰতিবাদক ৷

SC to hear pleas against farm laws, issues related to farmers protest on Jan 11
11 জানুৱাৰীত উচ্চতম ন্য়ায়ালয়ে গ্ৰহণ কৰিব কৃষক প্ৰতিবাদৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক,6 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত কৃষি আইন আৰু দিল্লী সীমান্তত চলি থকা কৃষক প্ৰতিবাদ সম্বন্ধীয় আবেদনৰ শুনানি অহা 11 জানুৱাৰীত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ এছ এ বোবদেৰ নেতৃত্বত এক বিচাৰপীঠৰ দলে নিৰীক্ষণ কৰি লক্ষ্য কৰিছে যে, কৃষকসকলৰ এই আন্দোলনে কোনো প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা নাই ৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত সুস্থ আলোচনাৰ প্ৰক্ৰিয়া চলি থকা বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ক ৷

এটৰ্নী জেনেৰেল কে কে বেনুগোপালে কয়, ভৱিষ্যতে দলসমূহে এটি নিৰ্দিষ্ট সিদ্ধান্তত উপস্থিত হ’ব ৷ কিন্তু নতুন কৃষি আইনক প্ৰত্যাহ্বান জনোৱা দলিল সমূহৰ ওপৰত কেন্দ্ৰই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অনাগত সময়ত কৃষক সকল আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে আইনজীৱী তুষাৰ মেহেতাই বিচাৰপীঠক এক সুস্থ বাতাবৰণৰ মাজত চৰকাৰ আৰু কৃষকৰ মাজত আলোচনা চলি থকা বুলি অৱগত কৰে ৷ তেখেতে আৰু কয় এই বিষয়সমূহ 8 জানুৱাৰীৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা উচিত নহয় ৷

ইয়াৰ বিপৰীতে বিচাৰপীঠে কয়,আমি পৰিস্থিতি উপলব্ধি কৰিছো আৰু পৰামৰ্শক সমৰ্থন জনাইছো ৷ যদি আপোনালোকে চলি থকা আলোচনা প্ৰক্ৰিয়া সন্দৰ্ভত তথ্য প্ৰস্তুত কৰিব পাৰে তেন্তে আমি এই শুনানি প্ৰক্ৰিয়া অহা 11 জানুৱাৰীলৈকে পিছুৱাব পাৰো ৷

লগতে পঢ়ক-ভাৰত-বাংলা সীমান্তৰ সুৰংগৰ ঘটনাক গাপ দিয়াৰ চেষ্টা বি এছ এফৰ

Last Updated : Jan 6, 2021, 3:22 PM IST

ABOUT THE AUTHOR

...view details