নতুন দিল্লী,22 জানুৱাৰীঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ শেহতীয়া এখন জাননী প্ৰেৰণ কৰে ৷ ইয়াৰ উত্তৰ দাখিল কৰিবলৈ কেন্দ্ৰক চাৰি সপ্তাহৰ সময় দিছে ন্যায়ালয়ে ৷
উচ্চমত ন্যায়ালয়ত CAAৰ শুনানি সম্পন্নঃ অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত পৃথককৈ হ'ব শুনানি - SC to hear over 140 pleas challenging CAA today
12:27 January 22
কেন্দ্ৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ
12:19 January 22
অসম সন্দৰ্ভত উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময়
নতুন দিল্লী,22 জানুৱাৰীঃ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ এচ এ ব’বডে কেন্দ্ৰক উত্তৰ দিবলৈ দুসপ্তাহৰ সময় প্ৰদান কৰে ৷ সেয়ে দুসপ্তাহ পিছত ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি মুখ্য ন্যায়াধীশ গৰাকীয়ে প্ৰকাশ কৰে ৷
12:11 January 22
অসমৰ পৰিস্থিতি পৃথকঃঅধিবক্তা
নতুন দিল্লী,22 জানুৱাৰীঃ দেশৰ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অসমৰ পৰিস্থিতি পৃথক বুলি প্ৰকাশ কৰে ৷ বিগত সময়ত প্ৰায় 40,000 লোক অসমত প্ৰৱেশ কৰা বুলি ন্যায়ালয়ত অধিবক্তা গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷
12:03 January 22
স্থগিতাদেশ জাৰি নকৰিলে দেশৰ শীৰ্ষতম ন্যায়ালয়ে
নতুন দিল্লী,22 জানুৱাৰীঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিৰ পিচত কোনোধৰণৰ স্থগিতাদেশৰ জাৰি কৰা নাই ৷ কিয়নো কেন্দ্ৰই এই প্ৰসংগত কোনো শপতনামা দাখিল কৰা নাই ৷ আদালতত দাখিল কৰা 144 খন আবেদনৰ মাত্ৰ 60 খনৰহে পৰীক্ষা ন্যায়ালয়ে কৰা বুলি এট’ৰ্নী জেনেৰেল কে কে বেণুগোপাল ৰাওৱে প্ৰকাশ কৰে ৷
11:48 January 22
মঙলবাৰে নিশা ন্যায়ালয় চৌহদৰ বাহিৰত প্ৰতিবাদ মহিলাৰ
নতুন দিল্লী,22 জানুৱাৰীঃ প্ৰায় 20 গৰাকী মহিলা আৰু শিশুই মঙলবাৰে নিশা নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ চূড়ান্ত ন্যায়ালয়ৰ গেটৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ততালিকে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ এগৰাকী প্ৰতিবাদকাৰীক আটক কৰে ৷
11:00 January 22
নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানি
নতুন দিল্লী,22 জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত 140 খন আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰে ৷ বিতৰ্কিত আইনখনৰ সাংবিধানিক বৈধতা সম্পৰ্কে ন্যায়ালয়ে এই শুনানি গ্ৰহণ কৰে ৷ মুখ্য ন্যায়াধীশ এচ এ ব’বডেৰ তত্ত্বাৱধানত এখন বিচাৰপীঠে 140 খন আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰা হয় ৷ বিগত বৰ্ষৰ 18 ডিচেম্বৰত ন্যায়ালয়ে কেন্দ্ৰক বিভিন্ন বিষয়ত জাননী জাৰি কৰিছিল য’ত ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশো অন্তৰ্ভুক্ত আছিল ৷ দেশৰ শীৰ্ষ ন্যায়ালয়খনে এই সন্দৰ্ভত 22 জানুৱাৰীত শুনানি গ্ৰহণ কৰে ৷ বিতৰ্কিত আইনখনে 2014 ৰ 31 ডিচেম্বৰৰ পূৰ্বে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু,শিখ,বৌদ্ধ,খ্ৰীষ্টিয়ান,জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷