অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : 11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

নিৰ্ভয়া কাণ্ড সম্পৰ্কত 11 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব ৷ উল্লেখ্য যে, দিল্লী উচ্চ ন্য়ায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান জনাই কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷

11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
নিৰ্ভয়া কাণ্ডৰ দোষী

By

Published : Feb 7, 2020, 8:18 PM IST

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰই কৰা আবেদনৰ 11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

কেন্দ্ৰই দাখিল কৰা আবেদনৰ ওপৰত ভিত্তি কৰি অপৰাধী কেইজনক জাননী জাৰি কৰিব লাগে বুলি তুষাৰ মেহতাই কৰা মন্তব্যক গুৰুত্ব প্ৰদান নকৰিলে অধিবক্তা আৰ. ভানুমাথিৰ নেতৃত্বত গঠিত বিচাৰক মণ্ডলীয়ে ৷ লগতে বিচাৰকৰ মণ্ডলীয়ে কয় যে, ইয়াৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰিব ৷

এই বিচাৰক মণ্ডলীত থকা অন্য দুই সদস্য অশোক ভূষণ আৰু এ. এছ. বোপান্নাই মেহতাক জনায় যে, এই সম্পৰ্কত তেওঁলোকে 11 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব আৰু অপৰাধী কেইজনক জাননী জাৰি কৰিব লাগে নে নাই সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

ইয়াৰ পাচতে মেহতাই কয় যে, এই বিষয়টোৱে "ৰাষ্ট্ৰৰ ধৈৰ্যৰ পৰীক্ষা লৈছে" আৰু ন্যায়ালয়ে ইয়াৰ বাবে আইন গঠন কৰা উচিত ৷

আৰু পঢ়ক : চীনৰ ৱুহান চহৰৰ পৰা অনা হৈছে 645 গৰাকী ভাৰতীয়ক

ABOUT THE AUTHOR

...view details