নেশ্যনেল ডেস্ক,29 ফেব্ৰুৱাৰী:নিৰ্ভয়া কাণ্ডৰ দোষী পৱন গুপ্তাৰ পুনৰ বিবেচনাৰ আবেদনৰ সোমবাৰে উচ্চতম ন্যায়লয়ত শুনানিৰ সম্ভাৱনা ৷ নিৰ্ভয়া দলগত ধৰ্ষণ আৰু হত্যাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা মৃত্যু দণ্ডৰে দণ্ডিত চাৰিজন অপৰাধীৰ এজন পৱন গুপ্তা ৷ উচ্চতম ন্যায়লয়ৰ ন্যায়াধীশ এনভি ৰামানানেতৃত্বাধীন 5 জনীয়া সদস্যৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ 5 জনীয়া বিচাৰপীঠ খনত আছে ন্যায়াধীশ অৰুণ মিশ্ৰা,ন্যায়াধীশ আৰ এফ নাৰিমন,ন্যায়াধীশ আৰ বানুমথী আৰু ন্যায়াধীশ অশোক ভুষণ ৷
শুকুৰবাৰে পৱন গুপ্তাই মৃত্যুদণ্ড ৰায়দানৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড বিচাৰি পুনৰ বিবেচনা আবেদন উচ্চতম ন্যায়লয়ত দাখিল কৰিছিল ৷ পৱন গুপ্তা উচ্চতম ন্যায়লয়ত পুনৰ বিবেচনা আবেদন দাখিল কৰা চতুৰ্থজন দোষী ৷ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়লয়ে ইতিমধ্যে আন দোষী কেইজনে দাখিল কৰা আবেদন তিনিখন অগ্ৰাহ্য কৰিছে ৷