নেশ্যনেল ডেস্ক, 23 জানুৱাৰীঃউচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ 370 নং অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে জনোৱা আবেদন তথা তাৎক্ষণিক বিশেষ ৰাজ্যৰ মৰ্যদাৰ ক্ষেত্ৰত দাখিল কৰা আবেদনৰ শুনানি প্ৰদান কৰিব ৷ ন্যায়াধীশ এন.ভি ৰমনা, আৰ সুভাষ ৰেড্ডী, বি.আৰ গৱই আৰু সূৰ্যকান্তৰে গঠিত পাঁচজনীয়া বিচাৰপীঠে বুধবাৰে ইয়াৰ আবেদনৰ ওপৰত শুনানি কৰিছিল ৷ বৃহস্পতিবাৰেও এই সম্পৰ্কত শুনানি জাৰি ৰাখিব ৷
আজি উচ্চতম ন্যায়ালয়ৰ 370 নং অনুচ্ছেদ সম্পৰ্কত শুনানি - ন্যায়াধীশ এন.ভি ৰমনা
জম্মু-কাশ্মীৰৰ 370 নং অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে শুনানি প্ৰদান কৰিব ৷
আজি উচ্চতম ন্যায়ালয়ৰ 370 নং অনুচ্ছেদ সম্পৰ্কত শুনানি
উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা 370 নং অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰক লাডাখ আৰু কাশ্মীৰ হিচাপে দুটা কেন্দ্ৰীয় শাসিত প্ৰদেশত বিভাজিত কৰিছিল ৷
আৰু পঢ়কঃউচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ